Automobiles
The Jimny has a 1.5-litre petrol engine and may be purchased through a subscription plan for an all-inclusive monthly charge starting at 33,550.
ডিজিটেল ডেস্ক : মুখা খোল খাব বহু নামী-দামী তথাকথিত ভদ্ৰলোকৰ৷ ৰাজ্যত সষ্টম হৈছে প্ৰশাসন৷ উৎখাত হৈছে এটাৰ পাছত আনটো বহু বিৰ্তকিত আৰু চৰ্চিত কেলেংকাৰি৷ এটা সময়ত আনক প্ৰবঞ্চনা কৰি নিজৰ পকেট গৰম কৰাসকলৰ যেন দিন বেয়া আহিল৷ এসময়ৰ সিংহ এতিয়া ভিজা মেকুৰীলৈ ৰূপান্তৰ হ’ল৷ ৰাজ্যত ডঃ হিমন্ত বিশ্বৰ নেতৃত্বাধীন চৰকাৰ শাসনৰ গাদীত বহাৰে পৰা সলনি হৈছে বহু প্ৰভাৱশালী ব্যক্তিৰ জীৱন৷ ৰাজ্যত এতিয়া বলিছে এপিডিচিএল পৰীক্ষা কেলেংকাৰিৰ গৰম বতাহ৷
হিমন্তৰ নিৰ্দেশ ক্ৰমে পৰীক্ষা কেলেংকাৰি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ চলিল অভিযান৷ গুৱাহাটীৰ বিভিন্ন স্থানত অভিযান চলায় দলটোৱে৷ বশিষ্ঠ, জালুকবাৰী, দিছপুৰত চলিছে অভিযান৷ এপিডিচিএলৰ অ’এছডিৰ বাসগৃহতো মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অভিযান চলে৷ এই অভিযানত গ্ৰেপ্তাৰ হয় এপিডিচিএলৰ অ’এছডিদিপাংকৰ দিহিঙিয়া৷ ইতিমধ্যে আৰক্ষীৰ জালত পৰে কেইবাজনো এপিডিচিএলৰ কৰ্মচাৰী৷ জানিব পৰা মতে, ২০০৬ চনৰ পৰাই এপিডিচিএলত অ’এছডি হিচাপে কৰ্মৰত আছিল দিপাংকৰ দিহিঙিয়া৷
আনহাতে, এপিডিচিএলৰ পৰীক্ষাৰ দায়িত্বটো আছিল দিহিঙিয়া৷ দিহিঙিয়াই নিজেই প্ৰস্তুত কৰিছিল প্ৰশ্ন কাকত৷ তাৰ উপৰি শশাংক শইকীয়াৰ বাসগৃহতো অভিযান চলায় আৰক্ষীয়ে৷ ইয়াৰ পাছতে এপিডিচিএল পৰীক্ষাৰ কেলেংকাৰিৰ কেতবোৰ পোহৰলৈ অহা পৰিলক্ষিত হৈছে৷ পৰৱৰ্তী সময়ত এপিডিচিএলৰ পৰীক্ষাৰ সন্দৰ্ভত আন বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিব বুলি আশাবাদী ৰাজ্যৰ প্ৰশাসন৷
এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ আৰক্ষী অধীক্ষক ৰৌজি কলিতাই উল্লেখ কৰে যে, এপিডিচিএলৰ কেলেংকাৰিৰ তদন্ত আৰম্ভ হৈছেহে৷ প্ৰাৰম্ভিকভাৱে যিকেইজনৰ বিৰুদ্ধে অভিযোগ পোৱা গৈছে, তাৰে ১০ জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে৷ ইপিনে, বৰ্তমান এজন পলাতক হৈ আছে বুলিও মন্তব্য কৰি তেওঁ লগতে কয় যে, ‘এই তদন্ত প্ৰক্ৰিয়া আৰু ক্ষিপ্ৰতৰ হ’ব৷ অসমৰ ৰাইজলৈ আহ্বান এনে দুৰ্নীতিৰ বিৰুদ্ধে যদি ইচ্ছা কৰে তেনেহ'লে অভিযোগ কৰক৷ আমি তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিম৷'
Leave A Comment