• গোলকগঞ্জৰ আগমনীত বিদ্যুৎপৃষ্ট হৈ এজনৰ মৃত্যু

    আঞ্চলিক
    গোলকগঞ্জৰ আগমনীত বিদ্যুৎপৃষ্ট হৈ এজনৰ মৃত্যু

    ধুবুৰীঃ গোলকগঞ্জৰ আগমনীত বিদ্যুৎপৃষ্ঠ হৈ এজন লোকৰ মৃত্যু ঘটিছে৷ নিজৰ বাসগৃহৰ সন্মুখত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত কাম কৰি থাকোতে বাঁহৰ সৈতে বিদ্যুৎ সংযোগ ঘটি পানীত পৰি লোকজনৰ মৃত্যু ঘটে। মৃত লোকজন মইচা প্ৰথমখণ্ডৰ হবিবৰ ৰহমান বুলি আমাৰ হাতলৈ খবৰ আহিছে।





    লোকজন মঙলবাৰৰপৰা নিৰুদ্দেশ হৈ আছিল। আজি পুৱাৰভাগত হবিবৰ ৰহমান পানী পৰি থকা প্ৰত্যক্ষ কৰে এগৰাকী স্থানীয় মহিলাই। পাছত স্থানীয় লোক গোট খাই আগমনী আৰক্ষীক খবৰ দিয়ে। আগমনী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে।





    লোকজনৰ হাত আৰু ভৰি জ্বলি যোৱাত বিদ্যুৎপৃষ্ট হৈ মৃত হোৱা বুলি ধাৰণা কৰা হৈছে। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।