• গোলাঘাটৰ বৰপথাৰত শোকাৱহ পথ দুর্ঘটনাত এজনৰ মৃত্যু

    আঞ্চলিক
    গোলাঘাটৰ বৰপথাৰত শোকাৱহ পথ দুর্ঘটনাত এজনৰ মৃত্যু

    গোলাঘাট : গোলাঘাট জিলাৰ বৰপথাৰত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা। যাত্ৰীবাহী বাছ আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত এজন স্কুটী আৰোহী। নিহত লোকজন বৰপথাৰৰ টেঙানিৰ কৃষ্ণ শইকীয়া বুলি জানিব পৰা গৈছে।





    আৰু পঢ়িব পাৰিব : সাংসদ গৌৰৱ গগৈৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাত হিংসা হৈছে হিমন্তৰ – ৰকিবুল হুছেইন





    দুৰ্ঘটনাটো সংঘটিত হৈছে বৰপথাৰৰ শিমলুচাপৰিৰ ধনশিৰি দলঙৰ সমীপত।দুৰ্ঘটনাত পতিত হোৱা স্কুটীখনৰ নম্বৰ ASO5M 6863।





    আৰু পঢ়িব পাৰিব : মিনি ট্ৰাকে মহতিয়াই নিয়াৰ ফলত চাৰি যুৱকৰ মৃত্যু…





    স্কুটী আৰোহী কৃষ্ণ শইকীয়া চিলনীজানৰপৰা বৰপথাৰৰ দিশে আহি থকা অৱস্থাত বিপৰীত দিশৰ পৰা গোলাঘাট অভিমুখে গৈ থকা AS05C 3766 নম্বৰৰ ‘মা সাবিত্ৰী’ নামৰ বাছখনৰ লগত হোৱা মুখামুখি সংঘৰ্ষত লোকজনৰ থিতাতে মৃত্য হয়।