Sci & Tech
উত্তৰ গুৱাহাটীঃ উত্তৰ-গুৱাহাটীৰ গৌৰীপুৰত বোৱাৰীৰ ৰহস্যজনক মৃত্যুত জড়িত দুই অভিযুক্তক আটক কৰা হৈছে। উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষীয়ে আটক কৰিছে কল্পজ্যোতি দাস আৰু ফায়েজুৰ ৰহমানক। উত্তৰ গুৱাহাটীৰ এটা ভাৰাঘৰত ৰহস্যজনকভাৱে মৃত্যু হৈছিল হাজোৰ ৰিতু দাস নামৰ এগৰাকী মহিলাৰ।
কল্পজ্যোতি দাস আৰু ফায়েজুৰ ৰহমানৰ সৈতে ৰিতু দাসৰ আছিল প্ৰেমৰ সম্পৰ্ক। আৰক্ষীয়ে লাভ কৰিছে ৰিতু দাসৰ সৈতে হোৱা দুই প্ৰেমিকৰ ফোন কল, হোৱাটছএপ মেছেজ আৰু ভিডিঅ’ কলিঙৰ তথ্য। অবৈধ প্ৰেমৰ পৰিণতিৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।
আৰক্ষীৰ সন্দেহ বিষ সেৱন কৰি আত্মহত্যা কৰিব বিচাৰিছিল মহিলাগৰাকীয়ে। ফাৰেজুৰ ৰহমান ওৰফে সৰু আলী ভাৰাঘৰৰ মালিক আৰু কল্পজ্যোতি দাসৰ ঘৰ উত্তৰ গুৱাহাটীৰ লেঙাত বুলি আমাৰ হাতলৈ তথ্য আহিছে।
Leave A Comment