• গৌৰৱান্বিত পিতৃ : ৰান্ধনিৰ পুত্ৰ হ’ল চেম্পিয়ন

    আঞ্চলিক
    গৌৰৱান্বিত পিতৃ : ৰান্ধনিৰ পুত্ৰ হ’ল চেম্পিয়ন

    চণ্ডীগড়ঃ ‘মই যিখিনি পৰিচালনা আৰু সঞ্চয় কৰিব পাৰিছিলো, সেইখিনি মই ৰোহিতৰ প্ৰশিক্ষণত ব্যয় কৰিছিলো। ৰোহিতৰ কঠোৰ পৰিশ্ৰমে মোক অধিক উত্‍সাহিত কৰিছিল। বিবাহ অনুষ্ঠানত ৰান্ধনি হিচাপে কাম কৰাৰ লগতে অতিৰিক্ত ধন উপাৰ্জনৰ বাবে মই সাহস গোটাইছিলো। আংশিক সময় উলিয়াই অইন অনুষ্ঠান সমূহতো কাম কৰিবলৈ প্ৰেৰিত কৰিছিল মোৰ পুত্ৰ ৰোহিতৰ অহোপুৰুষাৰ্থই ।’ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এক সাক্ষাত্‍কাৰত এই মন্তব্য কৰিছে এগৰাকী পিতৃয়ে। তেওঁৰ নাম জয় প্ৰকাশ। মোহালীৰ এখন ৰেষ্টুৰেন্টত ৰান্ধনি হিচাপে কৰ্মৰত তেওঁ। শেহতীয়াকৈ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এইগৰাকী ৰান্ধনি। কিন্তু কিয়?






    জীৱনৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় ইভেণ্টত খিতাপ দখলৰ পাছতে সংবাদ শিৰোনাম দখল কৰিছে পিতা-পুত্ৰ। উল্লেখ্য যে, ১৬ বছৰীয়া চণ্ডীগড়ৰ বক্সাৰ ৰোহিত চামোলীয়ে ইউএইৰ ডুবাইত অনুষ্ঠিত এছিয়ান জুনিয়ৰ বক্সিং চেম্পিয়নশ্বিপত ল'ৰাৰ ৪৮ কিলোগ্ৰাম শাখাত স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হৈছে। জুনিয়ৰ এছিয়ান চেম্পিয়নৰ খিতাপ অৰ্জন ৰোহিতৰ। স্বৰ্ণজয়ৰ পাছতে পোহৰলৈ আহিছে ৰোহিতৰ পংকিলময় জীৱনাখ্যান। পুত্ৰৰ অধ্যৱসায় আৰু একাগ্ৰনিষ্ঠাই গৌৰৱাম্বিত কৰিছে পিতৃ জয় প্ৰকাশক।





    ৰোহিতৰ সাফল্যৰ ছিটিকনিত উজ‌লি উঠিছে পিতৃৰ মুখমণ্ডল। এৰি অহা অতীতৰ স্মৃতিত বাৰে বাৰে উথলি উঠিছে পিতৃৰ মনৰ কোঠালি। উল্লেখ্য যে, চলিত বৰ্ষৰ জুলাই মাহত সোনেপত অনুষ্ঠিত হোৱা জুনিয়ৰ ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপৰ ৪৮ কিলোগ্ৰাম শাখাত ৰাষ্ট্ৰীয় জুনিয়ৰ চেম্পিয়ন হোৱাৰ পূৰ্বে যুৱকজনে চণ্ডীগড় ৰাজ্যিক বক্সিং টুৰ্ণামেণ্টত খিতাপ অৰ্জন কৰিছিল। ২০০৮চনৰ বেইজিং অলিম্পিকৰ ব্ৰঞ্জজয়ী বিজেন্দ্ৰ সিঙৰ অনুৰাগী ৰোহিতে ভৱিষ্যতে অলিম্পিক পদক জয়ৰ আশা ব্যক্ত কৰিছে। এই সোপোনে বাস্তৱ ৰূপ পাওক, তৃঞ্চাৰ তৃষাই দিগন্ত পোহৰাই তোলক ৰোহিতৰ।