• গ্ৰেপ্তাৰ কৰা অপৰাধীৰ দেহত কৰ’নাঃ আৰক্ষী থানাত আতংক

    আঞ্চলিক
    গ্ৰেপ্তাৰ কৰা অপৰাধীৰ দেহত কৰ’নাঃ আৰক্ষী থানাত আতংক

    গুৱাহাটীঃ নুনমাটি আৰক্ষী থানাত কৰ’নাৰ আতংক। এজন অপৰাধীৰ শৰীৰত কৰ’নাৰ অৱস্থিতিয়ে দেখা দিছে। চুৰিৰ অভিযোগত বামুনীমৈদামৰ আকাশী নগৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল দুজন চোৰক।





    আৰু পঢ়িব পাৰিব :   দিল্লীত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু অসমীয়া চিকিৎসকৰ





    ধৃত চোৰ দুজন হৈছে সঞ্জীৱ বৰ্মন আৰু আনজন হৈছে জয়ন্ত দাস। ইয়াৰে জয়ন্ত দাসৰ শৰীৰত ক’ভিত-১৯ৰ অৱস্থিতি ধৰা পৰে। চোৰ দুটাক এমএমচিএইচত ক’ভিড টেষ্টৰ অন্তত কৰ’নাৰ অৱস্থিতি ধৰা পৰে এজনৰ দেহত।





    আৰু পঢ়িব পাৰিব :   সুখবৰ : দাদা চাহেব ফাল্কে ছবি মহোৎসৱত বিশেষ সন্মান অসমৰ চুটি ছবি ‘মঙহ দহাৰে গোন্ধ’লৈ





    সম্প্ৰতি কৰ’না আক্ৰান্ত জয়ন্ত দাসক এমএমচিএইচত ভৰ্তি কৰোৱা হৈছে। লগতে গোচৰটোৰ তদন্তকাৰী বিষয়া গোবিন্দ কলিতাসহ তিনিজন আৰক্ষীক ক’ভিড টেষ্ট কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।