• গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ ডকাইত হিতেশ ! বৰ্তমানেও পলাতক অন্য এটা ডকাইত

    আঞ্চলিক
    গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ ডকাইত হিতেশ ! বৰ্তমানেও  পলাতক অন্য এটা ডকাইত

    বাকসা: বাকসা আৰক্ষীৰ জালত পৰিল দুৰ্ধৰ্ষ ডকাইত৷ জিলাখনৰ উপ-আৰক্ষী অধীক্ষক প্ৰণৱজ্যোতি কলিতাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে বাকসাৰ অদালবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰে দুৰ্ধৰ্ষ ডকাইত হিতেশ ৰয়ক৷ অৱশ্যে অন্য এটা ডকাইত বৰ্তমানেও পলাতক অৱস্থাত আছে৷





    বিগত তিনি চাৰি বছৰ ধৰি বিভিন্ন ডকাইতি, ধনদাবীকে ধৰি বহু অপৰাধজনিত ঘটনাৰ সৈতে জড়িত আছিল ধৃত ডকাইতটো৷ কিছুদিন পূৰ্বে আৰক্ষীয়ে অস্ত্ৰসহ পাঁচটা ডকাইতক গ্ৰেপ্তাৰ কৰিছিল যদিও হিতেশ ৰয় পলাতক হৈ আছিল৷





    অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ডকাইত হিতেশ ৰয়ক বৰমা আৰক্ষীৰ জিম্মাত ৰাখি জেৰা অব্যাহত ৰাখিছে৷ ডকাইতি গেংটোৰ অন্যতম দুৰ্ধৰ্ষ ডকাইত হীৰক ডেকা সম্প্ৰতি পলাতক অৱস্থাত আছে৷ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ডকাইতটোৰ বিৰুদ্ধে৷