• গৰুখুঁটিৰ কাণ্ড : জিএমচিএইচত ভৰ্তি ৩ আৰক্ষী, ৮ বেদখলকাৰী

    আঞ্চলিক
    গৰুখুঁটিৰ কাণ্ড : জিএমচিএইচত ভৰ্তি ৩ আৰক্ষী, ৮ বেদখলকাৰী

    গুৱাহাটী : ছিপাঝাৰ ধলপুৰত বেদখলকাৰীক উচ্ছেদ কৰিবলৈ যোৱা আৰক্ষীক প্ৰতিবাদকাৰীয়ে কৰা আক্ৰমণত আঘাতপ্রাপ্ত হয় ৩জনকৈ আৰক্ষী৷ এই ঘটনাত আহত ৩গৰাকী আৰক্ষীসহ আঘাতপ্ৰাপ্ত ৮জনকৈ উচ্ছেদিত ব্যক্তি ভৰ্তি হৈ আছে জিএমচিএইচত৷





    জিএমচিএইচত চিকিৎসাধীন হৈ আছে তিনি আৰক্ষী অমৃত ৰায় চৌধুৰী, অপূৰ্ব ৰাহাং আৰু মুনীৰ আহমেদ৷ ইয়াৰে মুনীৰ আহমেদৰ স্বাস্থ্য সংকটমুক্ত নহয় যদিও চিন্তাৰ কোনো কাৰণ নাই বুলি জানিবলৈ দিয়ে জিএমচিএইচৰ অধীক্ষকে৷ চিকিৎসাধীন ডিএছপি অমৃত ৰায় চৌধুৰী পদত অধিস্থিত আছিল৷ তেখেতক আছুতীয়া কোঠাত ৰখা হৈছে বৰ্তমান৷ মূৰত তেজ জমা হৈ আছে আৰক্ষী বিষয়াজনৰ।





    ইপিনে উচ্ছেদিত ৮ জন লোকৰ ভিতৰত এগৰাকী ১৩ বছৰীয়া কিশোৰো আছে বুলি জানিবলৈ পোৱা গৈছে৷ ইয়াৰ দুগৰাকী বুলেটট আঘাটপ্ৰাপ্ত হৈছে৷ তেওঁলোক আটায়ে বৰ্তমান সংকটমুক্ত বুলি জানিবলৈ দিয়ে৷