জীৱন শৈলী
কামৰূপ : বিগত ২০ ফেৱ্ৰুৰাৰীৰ নিশা দক্ষিণ কামৰূপৰ মিৰ্জাৰ পৰা অপহৃত হোৱা ব্যৱসায়ী মুনীন্দ্ৰ তালুকদাৰ ওৰফে মণিক তিনি অপহৰণকাৰীৰ সৈতে কালি পুৱতিনিশা উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। মিৰ্জা মিলনপুৰৰ ব্যৱসায়ী মুনীন্দ্ৰ তালুকদাৰ ওৰফে মণিক চানডুবিৰ সমীপৰ অসম-মেঘালয় সীমান্তৰ পাহাৰীয়া ঘন জংঘলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
আৰু পঢ়িব পাৰিব : বিজেপিত প্ৰাৰ্থিত্বকেন্দ্ৰিক তৎপৰতা, শেষ নিশালৈ চলিল বৈঠক
পলাশবাৰী থানাৰ অন্তৰ্গত মিৰ্জা চ’কত থকা দোকান বন্ধ কৰি ২০ ফেৱ্ৰুৰাৰীৰ নিশা প্ৰায় ৯ বজাত ঘৰলৈ
ওভতাৰ পথত ঘৰৰ সমীপতে বাট আগুচি ধৰি মণিক গাড়ীৰ পৰা নমাই চাৰিচকীয়া বাহনত অহা দুৰ্বৃত্তৰ দলে অপহৰণ কৰিছিল। আৰক্ষীয়ে ঘটনাস্থলীত এটা খালি মেগজিনো উদ্ধাৰ কৰিছিল।
আৰু পঢ়িব পাৰিব : বাঁহীৰ সুৰেৰে মোহাচ্ছন্ন কৰা যশস্বী শিল্পী প্ৰভাত শৰ্মাৰ বিয়োগ…
অৱশেষত অপহৰণ কাণ্ডৰ লগত জড়িত তিনিজন লোককো কৰায়ত্ত কৰিছে আৰক্ষীয়ে। অৱশ্যে কি কাৰণত ব্যৱসায়ীজনক অপহৰণ কৰিছিল, সেয়া পৰৱৰ্তী সময়তহে জানিব পৰা হ'ব৷
Leave A Comment