Sci & Tech
Metaverse ecosystems offer completely working virtual environments in which people may collaborate, play games, and...
ঢকুৱাখনা : জলসিঞ্চন বিভাগেই হওক , পঞ্চায়ত বা শক্তি বিভাগৰ দুৰ্নীতিৰ বাতৰিয়ে প্ৰতিদিনে সংবাদ মাধ্যমত শিৰোনাম দখল কৰি আহিছে৷ কিন্তু এইবাৰ মহাবিদ্যালয়ৰ কৰ্মচাৰীৰ দুৰ্নীতিৰ খবৰে চকু কপালত তুলিছে সকলোৰে৷ ৰাজ্যৰ এখন আগশাৰীৰ মহাবিদ্যালয়ত দেখা গ’ল ঘোচখোৰ অধ্যক্ষ তথা কৰ্মচাৰীক৷ লখিমপুৰ জিলা ঢকুৱাখনাৰ ঘিলামৰা নৰ্থ বেংক মহাবিদ্যালয় সংঘটিত হৈছে এই নাভূত-নাশ্ৰুত ঘটনাটো ।
ঘটনা অনুসৰি, মহাবিদ্যালয়খনৰ বুকুল দলৈ নামৰ এজন ছাত্ৰৰ পৰীক্ষাৰ এডমিত কাৰ্ডত ঐচ্ছিক বিষয়টোৰ নাম সলনি হৈ আহিছিল অন্য বিষয় হিচাপে৷ আৰু তেওঁ বাৰম্বাৰ এই সম্পৰ্কে অৱগত কৰিছিল অধ্যক্ষ যুগল শইকীয়াক৷ কিন্তু তেওঁৰ পৰা বিশেষ সঁহাৰি লাভ নকৰাৰ পাছত ছাত্ৰজনে মহাবিদ্যালয় খনৰ কৰ্মচাৰী বিশ্বজিৎ টাও নামৰ লোকজনক সমগ্ৰ ঘটনা অৱগত কৰি সহায় বিচাৰিছিল। সেই মহাবিদ্যালয়খনৰ কৰ্মচাৰী বিশ্বজিৎ টাও নামৰ লোকজনে বকুলৰ পৰা মুনাফা হিচাপে বিচাৰিছিল ২৫০০ টকাৰ লগতে চাইমদ আৰু মাংস।
মহাবিদ্যালয়খনে ছাত্ৰজনক কোনো গুৰুত্ব নিদিয়াৰ বাবে ছাত্ৰজনে নিজে ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ত গৈ আবেদন কৰিছিল । আবেদন মৰ্মে ছাত্ৰজনক ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ে কিছু নথি-পত্ৰ বিচাৰিছিল৷ সেই নথি-পত্ৰ বিচাৰি ঘিলামৰা নৰ্থ বেংক মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰজনে অধ্যক্ষক অৱগত কৰিবলৈ যাওঁতে অধ্যক্ষ যুগল শইকীয়াই ছাত্ৰজনক অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। তাৰ বিপৰীতে কৰ্মচাৰী বিশ্বজিৎ টাৱে বিচাৰে ঘোচ৷ এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ জিলাখনত৷
Leave A Comment