North East
ডিজিটেল ডেস্কঃ ৰাজ্যত এটাৰ পাছত আনটো অপৰাধজনিত ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। আমালৈ অহা খবৰ অনুসৰি, গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক জঘন্য ঘটনা। মহানগৰীৰ পাথৰকুৱেৰীত ৩২ বছৰীয়া লম্পটৰ কামনাৰ বলি হৈছে এগৰাকী ৯বছৰীয়া কন্যা। শিশুটিক বলাৎকাৰ কৰি পলাতক অৱস্থাত আছে অভিযুক্ত লম্পটটো।
পলাতক লম্পটটো ধুবুৰীৰ আব্দুল কুদ্দুছ বুলি ভুক্তভোগী পৰিয়ালটিয়ে আমাৰ সাংবাদিকক জনাইছে। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে নুনমাটি আৰক্ষীথানাত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও লম্পটটোক এইমুহূৰ্তলৈ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।
উল্লেখ্য যে, ধুবুৰীৰ বাসিন্দা আব্দুল কুদ্দুছ নামৰ লোকজনে পাথৰকুৱেৰীৰ জুৰিপাৰত এটা পৰিয়ালৰ ঘৰত ভাৰাতীয় হিচাপে বাস কৰিছিল। বুধবাৰে ভাৰাঘৰৰ মালিকৰ পৰিয়ালটো ঘৰত নথকাৰ সুযোগ লৈ আব্দুল কুদ্দুছে পৰিয়ালটোৰ ৯বছৰীয়া শিশুটিক চকলেট দিয়াৰ প্ৰলোভনেৰে নিজৰ কোঠালৈ মাতি আনি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে শিশুটিৰ পৰিয়ালে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ‘POSCO ACT.’ৰ ৪নং ধাৰাৰ অধীনত ‘636/21’নম্বৰত এটা গোচৰ ৰুজু কৰি লম্পটজনক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান অব্যাহত ৰাখিছে।
Leave A Comment