• চতুৰ্থ দিনৰ খেল আৰম্ভ,প্ৰাৰম্ভিক বিফলতাক অতিক্ৰম কৰাৰ লক্ষ্য ৰাহানে বাহিনীৰ

    আঞ্চলিক
    চতুৰ্থ দিনৰ খেল আৰম্ভ,প্ৰাৰম্ভিক বিফলতাক অতিক্ৰম কৰাৰ লক্ষ্য ৰাহানে বাহিনীৰ

    নতুন দিল্লীঃ ভাৰত-নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত কানপুৰ টেষ্টৰ আজি চতুৰ্থ দিন। প্ৰাৰম্ভিক বিফলতাক অতিক্ৰম কৰাৰ দুৰন্ত লক্ষ্য টীম ইণ্ডিয়াৰ। তৃতীয় দিনৰ অন্তত ভাৰতে নিউজিলেণ্ডৰ বিৰুদ্ধে ৬৩ ৰানৰ অগ্ৰগতি লৈছে। কিন্তু দ্বিতীয় ইনিংছৰ আৰম্ভণিতে শুভমন গীলৰ উইকেটে উদ্বিগ্ন কৰি তুলিছে ভাৰতক। মায়ংক আগৰৱাল আৰু চেতেশ্বৰ পূজাৰাই সেই প্ৰাৰম্ভিক বিফলতাৰ পাছত আজি কিদৰে মোকাবিলা কৰিব সেয়া হৈ পৰিব লক্ষ্যণীয়! স্বাভাৱিকতে প্ৰাৰম্ভিক বিফলতাক নেওচি দলটোক এটা ভাল স্থানলৈ উন্নীত কৰাৰ বাবে চেষ্টা কৰিব ৰাহানে বাহিনীয়ে।









    ইতিমধ্যে, চতুৰ্থ দিনৰ খেল আৰম্ভ হৈছে। ভাৰতৰ হৈ পূজাৰা আৰু মায়ংক আগৰৱালে দলটোক মজবুট স্থিতি প্ৰদান কৰিব বুলি আশাবাদী অধিনায়ক ৰাহানেৰ লগতে দলটোৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়। উল্লেখ্য যে, কানপুৰ টেষ্টত ভাৰতীয় স্পিনাৰে সামগ্ৰিকভাবে উন্নত প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে। তৃতীয় দিনৰ খেলত অশ্বিন-অক্ষৰ পাটেলৰ চমকপ্ৰদ বলিঙ বিক্ৰমত ২৯৬ ৰানতে প্ৰথম ইনিংছৰ মোখনি মাৰিব লগীয়া হৈছিল। বিশেষকৈ অক্ষৰ পাটেলৰ বলিং বিক্ৰমে মুগ্ধ কৰিছে সকলোকে। সম্প্ৰতি ভাৰতে ২টা উইকেট হেৰুৱাই ৮৫ৰানৰ অগ্ৰগতি লৈ আছে।