• চাইবাৰ ক্ৰাইমৰ কৱলত দিব্যাংগ : লুটিলে টকা !

    আঞ্চলিক
    চাইবাৰ ক্ৰাইমৰ কৱলত দিব্যাংগ : লুটিলে টকা !

    ডিব্ৰুগড় : ৰাজ্যত পুনৰ সক্ৰিয় হৈ উঠিছে চাইবাৰ ক্ৰাইম চক্ৰ। এইবাৰ চাইবাৰ ক্ৰাইমৰ কৱলত পৰিল এজন দিব্যাংগ লোক। দিব্যাংগৰ বেংক একাউন্টৰ পৰা হেকাৰে উলিয়াই নিলে ২০ হাজাৰ টকা। এই ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ত৷





    ডিব্ৰুগড়ৰ আমোলাপট্টিস্থিত গাৰ্ডপাৰাৰ মন্টু দাস নামৰ দিব্যাংগজনৰ নামত থকা ভাৰতীয় ষ্টেট বেংকৰ আমোলাপট্টি শাখাৰ পৰা ১৯ ছেপ্তেম্বৰত দহ হাজাৰ টকাকৈ দুবাৰ উলিয়াই নিয়ে। একাউন্টৰ পৰা ধন অন্তৰ্ধান হোৱাৰ বিষয়ত বেংক কৰ্তৃপক্ষৰ পৰা বিৱৰণ জানিব বিচৰাত নয়ডাৰ পৰা উলিয়াই নিয়াৰ তথ্য প্ৰকাশ পাইছে।





    ইফালে ঘটনা সন্দৰ্ভত মন্টু দাসে স্থানীয় আমোলাপট্টি আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ। এই পৰ্যন্ত চাইবাৰ ক্ৰাইম চক্ৰটোক চিনাক্ত কৰিব পৰা নাই আৰক্ষীয়ে। বৃহৎ পৰিমাণৰ ধন বেংকৰ একাউন্টৰ পৰা হৰকোৱাৰ পিছতে মূৰে-কঁপালে হাত দিবলগীয়া হৈছে দিব্যাংগজন।