National
A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day after the main opposition leader was disqualified from parliament. Gandhi claimed...
Digital Desk: A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day
বাকসা : সামাজিক মাধ্যমত ভাইৰেল এগৰাকী মহিলাৰ অশ্লীল ফটো৷ বিপিএফৰ সদস্যৰ বিৰুদ্ধে ব্লেকমেইলিঙৰ অভিযোগ ভুক্তভোগীৰ৷ এগৰাকী বিবাহিতা মহিলাৰ অশ্লীল ফটো সামাজিক মাধ্যমত ভাইৰেল হোৱাক লৈ বাকসাত শালবাৰীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ এই ঘটনাত এগৰাকী বিপিএফ কৰ্মী জড়িত থকাৰ অভিযোগত ইতিমধ্যে ভুক্তভোগীয়ে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে এজাহাৰ লাভ কৰাৰ এসপ্তাহ পাৰ হোৱাৰ পাছতো অভিযুক্তৰ বিৰুদ্ধে কোনো ধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷
উল্লেখ্য যে বাকসাৰ শালবাৰীৰ ৰৌমাৰী গাঁৱৰ জগত দাস নামৰ এগৰাকী বিপিএফৰ কৰ্মীয়ে চাকৰি দিয়াৰ প্ৰলোভনেৰে একে গাঁৱৰে এগৰাকী বিবাহিতা মহিলাক ভয় ভাবুকি প্ৰদান কৰে৷ ইয়াৰউপৰিও নিচাজাতীয় টেবলেট সেৱন কৰোৱাই বলপূৰ্বক শাৰীৰিক সম্পৰ্ক স্থাপন কৰে আৰু তাৰে বহুকেইখন অশ্লীল ফটো নিজৰ মোবাইলত আবদ্ধ কৰি ৰাখে৷ এই কথা ফাদিল কৰিলে পৰিয়ালৰ লোকক প্ৰাণে মৰাৰ ভাবুকিও দিয়ে জগত দাসে৷
কিন্তু তাৰ পাছতো জগত দাসে সকলোবোৰ অশ্লীল ফটো সামাজিক মাধ্যমত মুকলি কৰি দিয়াত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰে ঘটনাটোৱে৷ ভুক্তভোগী মহিলা গৰাকীয়ে ন্যায় বিচাৰি আনন্দ বজাৰ আৰক্ষীৰ জৰিয়তে শালবাৰী থানাত অভিযুক্ত জগত দাসৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে বৰ্তমানলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে৷
Leave A Comment