Sci & Tech
নগাঁওঃ যিসময়ত ৰাজ্যত অপৰাধ নিৰ্মূলৰ বাবে অসম আৰক্ষীয়ে তীব্ৰ অভিযান অব্যহত ৰাখিছে, সেই সময়তে ৰাজ্যৰ ভিন্নস্থানত সংঘটিত হৈছে হত্যাকাণ্ডৰ দৰে ঘটনা। নগাঁও জিলাৰ ৰূপহীহাটৰ জৰথনী গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড|
স্বামীৰ আক্ৰমণত প্ৰাণহানী হৈছে এগৰাকী মহিলাৰ| তিনি সন্তানৰ মাতৃ মুৰ্শিদা খাতুনক প্ৰকাণ্ড শিলেৰে আঘাত কৰি হত্যা কৰে স্বামী ৰফিকুল ইছলামে| ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ‘নগাঁও অসামৰিক চিকিৎসালয়’লৈ প্ৰেৰণ কৰে| আৰক্ষীয়ে মহিলাগৰাকীৰ স্বামী ৰফিকুল ইছলামক গ্ৰেপ্তাৰ কৰে।
Leave A Comment