• চান্দা বিচাৰি গ্ৰেপ্তাৰ হ’ল সংগঠনৰ সদস্য: কঠোৰ শিৱসাগৰ আৰক্ষী

    আঞ্চলিক
    চান্দা বিচাৰি গ্ৰেপ্তাৰ হ’ল সংগঠনৰ সদস্য: কঠোৰ শিৱসাগৰ আৰক্ষী

    শিৱসাগৰ: চান্দা সংস্কৃতিৰ বিৰুদ্ধে কঠোৰ শিৱসাগৰ আৰক্ষী। আৰক্ষীয়ে চলোৱা অভিযানত গ্ৰেপ্তাৰ হয় দুটাকৈ সংগঠনৰ সদস্য। টাইপাৰ দুই সুনীল চাংমাই, শৈলেন চাংমাই গ্ৰেপ্তাৰ কৰে শিৱসাগৰ আৰক্ষীয়ে৷ দুয়োৰে ঘৰ ডিমৌ বৰুৱা চাংমাইত বুলি জানিব পৰা গৈছে।





    অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদ, অসম নামৰ সংগঠনৰ চাৰিজনকৈ কৰ্মীক আটক কৰিছে শিৱসাগৰ আৰক্ষীয়ে। আৰক্ষীয়ে সংগঠনৰ শিৱসাগৰ জিলাৰ সভাপতি পিংকুমণি দাসসহ জিলা সাংগঠনিক সম্পাদক পাৰ্থ দাস, জিলা সমিতিৰ সদস্য ক্ৰমে জিণ্টু দাস আৰু দিগন্ত বৰাক আটক কৰিছে। বলপূৰ্বকভাৱে ধনসংগ্ৰহ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা বুলি মন্তব্য প্ৰকাশ কৰিছে আৰক্ষী অধীক্ষকে।





    জানিব পৰা মতে শিৱসাগৰ নগৰ অঞ্চলত দোকানসমূহৰ অহা ৬ ডিচেম্বৰত শিৱসাগৰ নগৰৰ যুৱদল প্ৰেক্ষাগৃহত কেন্দ্ৰীয়ভাৱে পালন কৰিবলগীয়া ‘কেন্দ্ৰীয় আম্বেদকাৰ শ্ৰদ্ধাঞ্জলি দিৱস’ উদযাপনৰ বাবে বৰঙণি সংগ্ৰহ কৰি আছিল সংগঠনৰ কৰ্মীসকলে। দাবী-ধমকি দি চান্দা সংগ্ৰহ কৰাৰ অপৰাধত নিজাববীয়াকৈ ৰুজু কৰা গোচৰ ভিত্তিত গ্ৰেপ্তাৰ কৰি ইতিমধ্যে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।