গুৱাহাটী : অসমৰ ৪গৰাকী আৰক্ষী বিষয়ালৈ ৰাষ্ট্রীয় আৰক্ষী বঁটা ঘোষণা৷ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হোৱা আৰক্ষী বিষয়াকেইগৰাকী হৈছে অতিৰিক্ত আৰক্ষী অধীক্ষক লামহু দংগেল, অতিৰিক্ত আৰক্ষী অধীক্ষত প্ৰকাশ সোণোৱাল, উপ-পৰিদৰ্শক প্ৰয়াত ভাস্কৰ কলিতা।
ভাস্কৰ কলিতাক মৰণোত্তৰভাৱে এই বঁটা আগবঢ়োৱা হৈছে। আনহাতে দ্বীপেন বৰা (CT)লৈয়ো ৰাষ্ট্রীয় আৰক্ষী বঁটা আগবঢ়োৱা হৈছে৷ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত প্ৰদান কৰা হ’ব এই বঁটাসমূহ৷ বৰদোমচাৰ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক ভাস্কৰ কলিতালৈ মৰণোত্তৰভাৱে আৰক্ষী মেডেল ঘোষণা কৰিছে চৰকাৰে৷ আলফাৰ গুলীত নিহত হৈছিল এছআই ভাস্কৰ কলিতা৷
২০১৮ৰ ৪মে'ত আলফাৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ নিহত হৈছিল ভাস্কৰ কলিতা৷ বুলেট প্ৰুফ জেকেট ভেদি আৰক্ষী বিষয়াগৰাকীৰ দেহত লাগিছিল গুলী৷ কাইলৈ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মেডেল প্ৰদান কৰিব ভাস্কৰ কলিতাৰ পৰিয়ালক৷
Leave A Comment