Regional
মাজুলী : বুধবাৰে সেই কাল সন্ধিয়া গৌৰৱৰ মাজুলীলৈ ঢাপলি মেলিছিল বহুজন৷ ইয়াৰে কিছু নিজ ঘৰলৈ, কিছুমান কৰ্মক্ষেত্ৰলৈ বুলি৷ খৰখেদাকৈ সন্ধিয়া হোৱাৰ আগতেই উঠিব লাগিব নাওখনত৷ কাৰণ নাওখন এৰি গ'লে বিশেষ যাতায়তৰ সুবিধাকন হেৰুৱাব লাগিব৷ সকলোৱে এক দায়িত্ব সহকাৰে নিজ বয়বস্তুৰে সাজু হৈছিল, কোনোৱে আপোনজনক হাত বাউলি বিদায় দিছিল৷ কিন্তু নাওখন যাবলৈ আৰম্ভ কৰোঁতে মুহূৰ্ততে ঘটিছিল সেই অনাকাংক্ষিত ঘটনাটো৷
চকুৰ পচাৰতে ডুবি গৈছিল বহুলোক৷ যিসকলে সাঁতুৰিব জানিছিল তেওঁলোকে কোনোৰকম ভৰ বাৰিষাৰে পূৰ্ণ ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা নিজৰ প্ৰাণ ৰক্ষা কৰিছিল৷ কোনোৱে আকৌ চকুৰ সন্মুখতে মাতৃক পানীত ডুবি যোৱা দেখিও কেৱল 'মা মা' কৈ চিঞৰিবহে পাৰিছিল৷ যি যেনেকৈ পাৰে প্ৰাণৰ মমতাত কেৱল চিঞৰিছিল৷ দলং লাগে মাজুলীবাসীক৷ বহু প্ৰতিবাদ হ'ল, চৰকাৰী বহু আলোচনাও হ'ল৷ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চৰকাৰ দিনতো, তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল শাসনৰ দিনতো৷ কিন্তু সমাধান নহ’ল সমস্যাৰ।
নিমাতীঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আৰক্ষী সঞ্চালকপ্ৰধানকে ধৰি বহুকেইজন মন্ত্ৰী-বিষয়া ইতিমধ্যেই ঘটনাস্থলীত উপস্থিত হৈছে৷ ইয়াৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো কাইলৈ মাজুলীত উপস্থিত হ’ব বুলি ঘোষণা কৰিছে৷ বাতৰি লিখা পৰলৈকে নাও দুৰ্ঘটনাত মৃত্যু ঘটিছে এজন ব্যক্তিৰ৷ নিৰুদ্দিষ্টক বিচাৰি নিমাতীঘাটত পৰিয়ালৰ আৰ্তনাদ৷ সন্ধান নাই ইন্দ্ৰেশ্বৰ বৰা, ডাঃ বিক্ৰমজিৎ বৰুৱাৰ৷ ইতিমধ্যে আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ ৩জন বিষয়াক নিলম্বনো কৰিছে৷ মুখ্যমন্ত্ৰীয়ে জনোৱা মতে জাহাজ চলাচলৰ ক্ষেত্ৰত চৰকাৰে ঘোষণা কৰিব SOP৷ নৱেম্বৰৰ পৰা দলং নিৰ্মাণৰ কাম আৰম্ভ হ’ব৷ ৪ বছৰৰ ভিতৰত দলং সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা থকাৰ কথাও তেওঁ প্ৰকাশ কৰে৷ আনহাতে, আজিৰ পৰাই ছিংগল ইঞ্জিন নাৱৰ চলাচল বন্ধ হ’ব বুলিও তেওঁ সদৰি কৰে। এতিয়া প্ৰশ্ন হৈছে এনে চিৰাচৰিত প্ৰতিশ্ৰুতি আৰু ঘোষণাই মাজুলীবাসীৰ দুখ-দুৰ্দশাৰ অৱসান ঘটাব পাৰিব
Leave A Comment