National
Rahul Gandhi remarked on Prime Minister Narendra Modi's surname in Kolar, Karnataka, in 2019...
গুৱাহাটী : ভাতৃ আৰু ভগ্নীৰ প্ৰেমৰ পবিত্ৰ সম্পর্কৰ উৎসৱ হৈছে ৰাখী বন্ধন। এই পবিত্ৰ উৎসৱটি শাওন আৰু ভাদৰ পবিত্ৰ পূৰ্ণিমা তিথিত পালন কৰা হয়। পবিত্ৰ উৎসৱৰ মাজতো দেশ সেৱাত ব্ৰতী হৈ থকা চিআৰপিএফ জোৱানসকলৰ মনোবল বৃদ্ধি কৰাৰ লক্ষ্যৰে দেওবাৰে বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ উদ্যোগত নুনমাটিস্থিত চিআৰপিএফৰ ১২৮ নং বেটেলিয়ানৰ শিবিৰত পালন কৰা হয় ৰাখী বন্ধন উৎসৱ।
মহিলা মৰ্চাৰ নেত্ৰীসকলে জোৱানসকলক পূজা অৰ্চনা কৰি ৰাখি পিন্ধায়। ৰাখি পিন্ধি জোৱান সকলে উৎফুল্লিত হৈ মহিলাসকলক ভগ্নী হিচাপে আশীৰ্বাদ প্ৰদান কৰে। জোৱানসকলে এইদৰে ৰাখী পিন্ধোৱাত শিবিৰতোকে নিজৰ ঘৰ বুলি অনুভৱ কৰা বুলি ব্যক্ত কৰে।
অনুষ্ঠানত উপস্থিত থকা ১২৮ নং বেটেলিয়ানৰ অধিনায়ক বিনয় ছেত্ৰীয়ে জোৱানসকলৰ মনোবল বৃদ্ধি কৰাৰ বাবে মহিলা মৰ্চাক কৃতজ্ঞতা জ্ঞাপন কৰে। ইপিনে ৰাখী পিন্ধোৱা ভগ্নীসকলক উপহাৰ প্ৰদান কৰে চিআৰপিএফ জোৱানসকলে।
Leave A Comment