• চিকিৎসকৰূপী ডকাইতক গ্ৰেপ্তাৰ : কিডনী বিক্ৰী কৰি ঘটিছিল কোটি টকা !

    আঞ্চলিক
    চিকিৎসকৰূপী ডকাইতক গ্ৰেপ্তাৰ : কিডনী বিক্ৰী কৰি ঘটিছিল কোটি টকা !

    গুৱাহাটী : চিকিৎসা বৃত্তিৰ দৰে কৰ্মত জড়িত হৈ থকাৰ পাছতো এগৰাকী চিকিৎসকে ব্যৱসায়ৰ কথা শুনিলে হয়তো আচৰিত হ'ব৷ কিডনী সৰবৰাহৰ উপৰি যুৱতী অপহৰণ কাৰ্যতো লিপ্ত চিকিৎসকগৰাকী৷ অগাধ সম্পত্তিৰ গৰাকী চিকিৎসকগৰাকীৰ সন্ধান দিব পৰাজনলৈ ঘোষণা কৰিছিল ১০হাজাৰ টকাৰ পুৰস্কাৰ ৷ মহানগৰীত গ্ৰেপ্তাৰ হোৱা চিকিত্সকৰূপী ডকাইতটোৰ নাম ডঃ ৰিচাৰ্ড আব্ৰাহম লোৰেন্স ওৰফে অক্ষয় কুমাৰ ওৰফে ববী৷ অসমত নাম সলাই ESIC হাস্পতালত আছিল কৰ্মৰত আছিল৷





    অসমৰ এগৰাকী যুৱতীক অপহৰণ কৰাৰ অভিযোগ ডঃ ৰিচাৰ্ডৰ বিৰুদ্ধে৷ ডেৰাডুনতো চিকিৎসকজনৰ বিৰুদ্ধে আছে কেইবাটাও গোচৰ৷ ২০১৭ চনত কিডনী ৰেকেট চলোৱাৰ গোচৰ আছে চিকিৎসকজনৰ বিৰুদ্ধে৷ চাৰি বছৰ ধৰি পলাটক অৱস্থাত আছিল চিকিৎসকজন৷ চিকিৎসকজনৰ ভাতৃৰ লগতে পিতৃও আছিল চিকিৎসক৷ ইতিমধ্যে কিডনী সৰবৰাহৰ লগত ভাৰতৰ বিভিন্ন স্থানৰ পৰা উত্তৰাখণ্ড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ১৮ জন চিকিৎসকক৷





    ইতিমধ্যে গুৱাহাটীত উপস্থিত হোৱা ডেৰাডুনৰ আৰক্ষীক দিছপুৰ আৰক্ষীয়ে গতাই দিয়ে চিকিৎসকৰূপী ডকাইতক৷





    ভাৰতৰ বিভিন্ন ৰাজ্যৰ দুখীয়া লোকক চাকৰিৰ প্ৰলোভন দি কিডনী বিক্ৰী কৰিবলৈ বাধ্য কৰাইছিল এই চক্ৰটোৱে৷ ডুবাই, উমান আদিকে ধৰি কেইবাখনো ধনী ৰাষ্ট্ৰলৈ কিডনী সৰবৰাহ কৰিছিল এই চক্ৰটোৱে৷
    ৩৫ লাখৰ পৰা এক কোটি টকাৰ বিনিময়ত এই চক্ৰটোৱে বিক্ৰী কৰি আহিছিল কিডনী৷





    গ্ৰেপ্তাৰ কৰা চিকিৎসকজনৰ আছে অগাধ সম্পত্তি৷ উত্তৰাখণ্ড,মহাৰাষ্ট্ৰকে ধৰি বিদেশৰ বিভিন্ন স্থানত আছে সম্পত্তি৷ উল্লেখ্য যে উত্তৰাখণ্ড আৰক্ষীয়ে চিকিৎসকজন গ্ৰেপ্তাৰৰ বিনিময়ত ঘোষণা কৰিছিল ১০ হাজাৰ টকাৰ পুৰস্কাৰ৷ CJM আদালতত হাজিৰ কৰোৱাৰ পাছতে ডেৰাডুন আৰক্ষীক গতাই দিব ডঃ ৰিচাৰ্ডক৷