International
বৰপেটাৰোডঃ এটি শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি বৰপেটাৰোডৰ ‘বীনাপাণি নাৰ্ছিং হোম’ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। নাৰ্ছিং হোমখনৰ চিকিৎসকৰ দৌৰাত্ম্যৰ বাবেই শিশুটোৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালটোৱে। ধনৰ লালসাতে চিকিৎসকে প্ৰয়োজনীয় সা-সুবিধা নথকা সত্ত্বেও নাৰ্ছিং হোমখনত চিকিৎসা আগবঢ়াইছিল শিশুটিক।
নাৰ্ছিং হোমখনত প্ৰয়োজনীয় চিকিৎসাৰ অভাৱত অৱশেষত আজি পুৱতিনিশা শিশুটিৰ মৃত্যু ঘটে৷ বৰপেটাৰোড চহৰৰ খৈৰাবাৰীৰ সুশান্ত দেৱনাথ আৰু পল্লৱী দেৱনাথৰ ১৬দিনীয়া দেৱশিশুটিৰ মৃত্যুক লৈ নাৰ্ছিং হোমখনৰ চিকিৎসকৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে পৰিয়ালৰ সদস্যসকল।
পৰিয়ালৰ অভিযোগ অনুসৰি, শিশুটিক উন্নত চিকিৎসাৰ বাবে অন্য হাস্পতাললৈ প্ৰেৰণ কৰাৰ বিপৰীতে শেষ মুহূৰ্তলৈকে নাৰ্ছিং হোমখনতে চিকিৎসাসেৱা আগবঢ়াইছিল। পাছত উন্নত চিকিৎসাৰ বাবে নাৰ্ছিং হোমখনৰ পৰা বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল যদিও পথতে শিশুটিৰ মৃত্যু ঘটে৷ ইয়াকে লৈ বৰপেটাৰোডত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ এইক্ষেত্ৰত প্ৰশাসনে তদন্ত কৰি নাৰ্ছিংহোমখনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে।
Leave A Comment