আন্তঃৰাষ্ট্ৰীয়
গুৱাহাটী : চিকিৎসাৰ ব্যয়ৰ নামত ভুৱা বিল দাখিল কৰি বিপাঙত পৰিল এগৰাকী মহিলা৷ চিকিৎসা ব্যয়ৰ নামত ভুৱা বিল দিয়াৰ অভিযোগত তেওঁৰ বিৰুদ্ধে গোচৰ তৰিলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালে৷ গোচৰৰ সন্মুখীন হোৱা মহিলাগৰাকী অসমৰ শক্তি বিভাগৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে৷ লীলাৱতী মেধি নামৰ কৰ্মচাৰীগৰাকীৰ বিৰুদ্ধে গোচৰ তৰে হাস্পতালখনে৷
ভুৱা বিলেৰে ৯ লাখ টকা সৰকাইছিল কৰ্মচাৰীগৰাকীয়ে৷ ইতিমধ্যে এপিডিচিএলৰ পৰা ২৭ কৰ্মচাৰীক নিলম্বন কৰা হৈছে৷ ইতিমধ্যে এই সন্দৰ্ভত ৰাজ্যত ৪৫ টা গোচৰ ৰুজু হৈছে৷ ইয়াৰে ৪২ জন শক্তি বিভাগৰ, ১জন বিত্ত বিভাগৰ, ২জন প্ৰাথমিক শিক্ষা বিভাগৰ বুলি জানিব পৰা গৈছে৷
জিএমচিৰ অধীক্ষক অভিজিত শৰ্মাৰ তৎপৰতাত পোহৰলৈ আহিছে এই সমগ্ৰ ঘটনা৷ ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ৰ লগতে, দেশৰ নামী-দামী হাস্পতালত চিকিৎসা কৰাই চহী জালিয়তিৰে ভুৱা বিল দাখিল কৰাৰ দৰে ঘটনা পোহৰলৈ অহাৰ পাছত সকলোতে চাঞ্চল্যৰ সৃষ্টি হৈছে৷ দাখিল কৰা প্ৰায়ভাগ ভুৱা বিল ভঙাগড় ৰ’দালি ড্ৰাগছৰ পৰা লোৱা বুলি তথ্যত প্ৰকাশ পাইছে৷
Leave A Comment