• চিনেমা হলত এতিয়াও ক’ভিড শ্ব’! নাখায় মৰিব দুই সহস্ৰাধিক কৰ্মচাৰী

    আঞ্চলিক
    চিনেমা হলত এতিয়াও ক’ভিড শ্ব’! নাখায় মৰিব দুই সহস্ৰাধিক কৰ্মচাৰী

    গুৱাহাটী : ৰাজ্যৰ ক’ভিড পৰিস্থিতি ক্ৰমাৎ উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে ক’ভিড নীতিত যথেষ্ট শিথিলতা অনা পৰিলক্ষিত হৈছে। চৰকাৰৰ শেহতীয়া এছঅ’পি অনুসৰি শিথিল হৈছে বাধা-নিষেধ। হ্ৰাস পাইছে সান্ধ্য আইনৰ সময়ো। কিন্তু দীঘলীয়া সময় ধৰি বন্ধ হৈ থকা চিনেমা হলসমূহলৈ সুখবৰ নানিলে নতুন এছঅ’পিয়ে। এতিয়াও একপ্ৰকাৰ ক’ভিড শ্ব’ চলিছে চলচ্চিত্ৰগৃহত। চলচ্চিত্ৰ উদ্যোগৰ মূল চালিকাশক্তি চিনেমা হলসমূহ বন্ধ কৰি ৰখাৰ চৰকাৰৰ এই সিদ্ধান্তক লৈ অসন্তুষ্ট চিনেমা হলৰ মালিক তথা কৰ্মচাৰীসকল৷ আজি All Assam Cinema Hall Employees Associationএ এখন সংবাদমেলৰ জৰিয়তে চৰকাৰলৈ এক আহ্বান জনায়৷





    তেওঁলোকে দুই-তিনিদিনৰ ভিতৰত ছবিগৃহসমূহ খুলি দিবলৈ চৰকাৰক আহ্বান জনায়৷ সংবাদ মেলত সংগঠনটোৱে কয়, ‘আমি প্ৰতিবাদলৈ যাব নিবিচাৰোঁ, কিন্তু শীঘ্ৰেই চিনেমা হল খুলি দিয়ক। সকলো খুলিছে, আমাকো কাম আৰম্ভ কৰাৰ সুবিধা কৰি দিয়ক। আমি সকলো নীতি-নিৰ্দেশনা মানিয়ে কাম কৰিম।’ অসমত প্ৰায় ৮০টা ছবিগৃহ আছে। এই ছবিগৃহসমূহত প্রায় ২০০০জন কৰ্মচাৰী আছে। কৰ্মচাৰীৰ পৰিয়ালৰ সংখ্যা প্ৰায় ১০,০০০।





    কিন্তু নতুন এছঅ'পি অনুসৰি চিনেমাহল দ্বাৰ বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত এতিয়া এইসকল কৰ্মচাৰীৰ নাখায় মৰিবলগা অৱস্থা হৈছে বুলি সংগঠনটোৱে প্ৰকাশ কৰে। লকডাউনৰ সময়ছোৱাত গুৱাহাটীৰ প্ৰায়বোৰ ছবিগৃহ বন্ধ হ'ল বুলি প্ৰকাশ কৰি এনেদৰে থাকিলে সকলো ছবিগৃহ বন্ধ হ'ব বুলিও আশংকা প্ৰকাশ কৰে সংগঠনটোৱে। এনেদৰে ছবিগৃহ বন্ধ হৈ থাকিলে মালিকপক্ষই কৰ্মচাৰীক কামৰপৰা উলিয়াই দিব বুলিও তেওঁলোকে আশংকা প্ৰকাশ কৰে আৰু চৰকাৰ সঠিক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়।