• চিনেমা হল মৰা নাই; নমৰে! গুৱাহাটীতে ২০ৰো অধিক নতুন চিনেমাঘৰৰ জন্ম

    আঞ্চলিক
    চিনেমা হল মৰা নাই; নমৰে! গুৱাহাটীতে ২০ৰো অধিক নতুন চিনেমাঘৰৰ জন্ম

    ডিজিটেল ডেস্ক : চিনেমা হল মৰা নাই নমৰে৷ চলচ্চিত্ৰপ্ৰেমীৰ এটা আৱেগ হৈছে চিনেমা হল৷ ক’ভিডে কোঙা কৰা ৰাজ্যত বন্ধ হৈছে বহুকেইটা ছবিগৃহ৷ অতীত হ’ল ‘বন্দনা’ চিনেমা হল, ‘অপ্সৰা’ চিনেমা হল৷ ইতিমধ্য বন্ধ হোৱাৰ দিশে ‘মেঘদূত’ চিনেমা হলো৷ ১০০০ দৰ্শকৰৰ উপস্থিত সকলোৱে একেলগে উপভোগ কৰিছিল চিনেমা৷ কিন্তু এতিয়া সলনি হ’ব নেকি এই আৱেগ৷ পূৰ্বতে ১০০০ হাজাৰ দৰ্শকৰ বিপৰীতে এতিয়াৰ চিনেমা হলত ২০০ দৰ্শকে উপভোগ কৰিব পাৰিব ছবি৷ অসমত মাল্টিপেক্স চিনেমা হলৰ আৰ্হিৰে আৰম্ভ হৈছে চিনেমা হল৷





    মাল্টিপ্লেক্স হৈছে এখন চিনেমা থিয়েটাৰ কমপ্লেক্স ৷ য’ত এটা কমপ্লেক্সৰ ভিতৰত একাধিক পৰ্দা থাকে। তেওঁলোকক সাধাৰণতে এটা বিশেষভাৱে ডিজাইন কৰা অট্টালিকাত এই চিনেমা হল বনোৱা হয়। অসমতো বহু মাল্টিপেক্স চিনেমা হল ইতিমধ্যে খোলা হৈছে৷





    গুৱাহাটী বিভিন্ন নামী-দামী শ্বপিং মলত এই চিনেমা হল খোলা হৈছে৷ দৰ্শকৰ বাবে সুসজ্জিত আৰু বিভিন্ন আধুনিক উপস্থানেৰে নিৰ্মিত এই চিনেলা হলত দৰ্শকৰ সঁহাৰিও অতুলনীয়৷  শেহতীয়াকৈ নগাঁও জিলাত ১৮টাকৈ ছবিগৃহ বন্ধ হৈছে৷ তাৰ বিপৰীতে নিৰ্মাণ হৈছে বহু সৰু সৰু মাল্টিপেক্স চিনেমা হ'ল৷