Lifestyle
ৱাশ্বিংটনঃ কৰ’নাসৃষ্ট পৰিৱেশৰ বাবে লেটিন আমেৰিকা অঞ্চলৰ সকলো বিশ্বকাপ কোৱালিফায়াৰ পিছুৱাই দিয়া হৈছিল। পূৰ্বৰ তুলনাত সাময়িক পৰিস্থিতি কিছু সুস্থিৰ হোৱাৰ লগে লগে বিশ্বকাপ কোৱালিফায়াৰ খেল অনুষ্ঠিত কৰাক লৈ যো-জা চলিছে। জানিবলৈ পোৱা মতে, চলিত বৰ্ষৰ ছেপ্টেম্বৰত আৰম্ভ হ’ব স্থগিত খেল। কাটাৰ বিশ্বকাপত প্ৰৱেশ কৰিবলৈ আৰ্জেণ্টিনাই ক্ৰমান্বয়ে ৩, ৬ আৰু ১০ ছেপ্টেম্বৰত ভেনিজুৱেলা, ব্ৰাজিল আৰু বলিভিয়াৰ মুখামুখি হ’ব।
অৰ্থাৎ সময় তাকৰ আৰু ইয়াৰ মাজতে আৰ্জেণ্টিনাৰ শিবিৰত এটাৰ পাছত এটা উদ্বেগজনক খবৰে আহত কৰিছে। এজনৰ পাছত এজন ষ্ট্ৰাইকাৰৰ আঘাতত চিন্তাক্লিষ্ট দলীয় কৰ্তৃপক্ষ।
কোপা আমেৰিকা জয়ৰ পাছত খেলপথাৰলৈ উভতি অহাৰ সময়ত চেৰহিঅ’ গুয়েৰেৰো, লাউটাৰো মাৰ্টিনেজ আৰু পাউলো ডিবালা আঘাতপ্ৰাপ্ত হৈছিল।
শেহতীয়াকৈ আলবিচেলেষ্টৰ গ’লৰক্ষক অগষ্টিন মাৰ্চেচিনে নতুন সদস্য হিচাপে অংশগ্ৰহণ কৰে। কোপা আমেৰিকা ফাইনেলৰ নায়ক গ’লৰক্ষক এমিলিয়ানো মাৰ্টিনেজৰ বাবে তেওঁক প্ৰথম বিকল্প হিচাপে গণ্য কৰা হৈছিল। গতিকে মাৰ্চেচিনৰ আঘাত প্ৰশিক্ষক লিঅ’নেল স্কালোনিৰ চিন্তা অধিক ঘণীভূত হৈ পৰিছে। জানিবলৈ পোৱা মতে, মাৰ্চেচিনৰ আঁঠুত গভীৰ আঘাতৰ বাবে তেওঁৰ অস্ত্ৰোপচাৰ কৰা হৈছিল। এফ চি পোৰ্তোৰ গ’লৰক্ষকক অহা মাহত ব্ৰাজিলৰ এখন খেলকে ধৰি বাকী দুটা বিশ্বকাপ কোৱালিফায়াৰত দেখিবলৈ পোৱা নাযাব।
স্কালোনিয়ে দলত গ'লৰক্ষক হিচাপে এষ্টন ভিলাৰ মাৰ্টিনেজ, আটলাণ্টাৰ জুয়ান মুচো, ৰিভাৰ প্লেটৰ ফ্ৰাঙ্কো আৰ্মানি, কাদিজৰ জেৰেমিয়াছ লেডেস্মাৰ সৈতে মুখামুখি হ’ব। একাধিক ষ্ট্ৰাইকাৰৰ আঘাতৰ বাবে পিএছজি তাৰকা মাৰো ইকাৰ্ডিয়ে এইবাৰ দলত প্ৰৱেশ কৰিব পাৰে। স্কালোনিয়ে অতিশীঘ্ৰে বিশ্বকাপৰ যোগ্যতা অৰ্জনকাৰী দল ঘোষণা কৰিব।
Leave A Comment