• চিৰাং আৰক্ষীৰ জালত ইউএলবিৰ কমাণ্ডাৰ

    আঞ্চলিক
    চিৰাং আৰক্ষীৰ জালত ইউএলবিৰ কমাণ্ডাৰ

    চিৰাং: চিৰাং আৰক্ষীৰ অভিযানত জিলাখনৰ আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত দৈচুমগুৰি গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ইউএলবিৰ জিলা কমাণ্ডাৰক। আটকাধীন যুৱকজন নৱগঠিত ইউএলবিৰ কমাণ্ডাৰ ৰিংখাং মুছাহাৰী ওৰফে বি ৰৈৰব।
    উল্লেখ্য যে, ধৃত ইউএলবিৰ কমাণ্ডাৰজন পূৰ্বতেও এনডিএফবিৰ(এছ) গোটৰ সদস্য আছিল আৰু ২০১৫ চনত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল।
    পৰৱৰ্তী সময়ত ইউএলবি নামৰ উগ্ৰপন্থী সংগঠনটোৰ কমাণ্ডাৰ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল ৰিংখাং মুছাহাৰীয়ে।