National
The numbers clearly indicate a significant progress in the development of mechanism to settle international trade in Indian rupees.
গুৱাহাটীঃ ‘বেটী বচাও, বেটী পঢ়াও’ক মূল উৎস হিচাপে লৈ চুটি ছবি নিৰ্মাণ কৰিছে সাগৰিকা গোস্বামী নামৰ এগৰাকী অসমীয়া ছাত্ৰীয়ে। ‘গাৰ্ল ইজ গোল্ড’-নামৰ চুটি ছবিখনৰ বাবেই ‘ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছ’ত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ছাত্ৰীগৰাকী। চুটি ছবিখনৰ কাহিনী, পৰিকল্পনা, পৰিচালনা, ভিডিঅ’গ্ৰাফী, এডিটিং, বেকগ্ৰাউণ্ড মিউজিক, কষ্টিউম ডিজাইনিং, ভইচ অ’ভাৰ আদি সকলো যুৱতীগৰাকীৰ নিজৰ।
ইয়াৰোপৰি চুটি ছবিখনৰ চৰিত্ৰসমূহত অভিনয় কৰিছে কেৱল সাগৰিকা গোস্বামীয়ে নিজে। ‘বিধৱা মাতৃ’, ‘শিক্ষয়িত্ৰী’, ‘গায়িকা’, ‘নৃত্যশিল্পী’, ‘সাংবাদিক’, ‘খেলুৱৈ’, ‘খলনায়ক’ আদি মুঠ ১১টা চৰিত্ৰৰ গোটেইকেইটাতে অভিনয় কৰে। মাত্ৰ ২১ বছৰ বয়সতে এখন চলচ্চিত্ৰৰ সকলো যাৱতীয় কাম-কাজৰ লগতে মুঠ ১১টা চৰিত্ৰত অভিনয় কৰাৰ বাবে সাগৰিকা উজলিল ‘ইণ্ডিয়া বুক অব ৰেকৰ্ড’ত।
‘Sagarika Goswami’ নামৰ ইউটিউব চেনেলযোগে অতি কমদিনৰ ভিতৰতে মুক্তি পাব সাগৰিকাই ৰেকৰ্ড কৰিবলৈ সক্ষম হোৱা চুটি ছবিখন। হেমন্ত কুমাৰ গোস্বামী আৰু অনামিকা গোস্বামীৰ কন্যা সাগৰিকা গোস্বামীয়ে বিগত বৰ্ষত অতি কম দিনত অধিক সংখ্যক সন্মান আৰু যোগ্যতা অৰ্জন কৰাৰ বাবে নিজৰ নাম অন্তৰ্ভুক্ত কৰিছিল ‘অসম বুক অব্ ৰেকৰ্ডছ’ত। ‘কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়’ৰ সংস্কৃত সংহত পাঠ্যক্ৰমৰ সপ্তম ষান্মাসিকৰ ছাত্ৰী সাগৰিকা গোস্বামী। ‘Sagarika Goswami’ নামৰ ইউটিউব চেনেলযোগে অতি কম দিনৰ ভিতৰতে সকলোৱে উপভোগ কৰিব পাৰিব ‘গাৰ্ল ইজ গোল্ড’।
Leave A Comment