• চুলি কাটি, কেঁচিৰে আঘাত কৰি অমানৱীয় অত্যাচাৰ বনকৰা কিশোৰীক!

    আঞ্চলিক
    চুলি কাটি, কেঁচিৰে আঘাত কৰি অমানৱীয় অত্যাচাৰ বনকৰা কিশোৰীক!

    বঙাইগাঁও: চৰকাৰী বিষয়াৰ ঘৰত বনকৰা ছোৱালীক অকথ্য শাৰীৰিক নিৰ্যাতনৰ ঘটনা পুনৰ পোহৰলৈ আহিছে। নিৰ্যাতন সহিব নোৱাৰি পলাই প্ৰতিৱেশীৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰিছে ভুক্তভোগী কিশোৰী এগৰাকীয়ে৷ ‘অসম আৰক্ষী’ৰ বঙাইগাঁওস্থিত ডিআইজিৰ কাৰ্যালয়ত কৰ্মৰত আৰক্ষী বিষয়া জিতেশ বৰ্মন।





    আৰু পঢ়িব পাৰিব : শোকাৱহ! জিয়াঢলৰ সোঁতে উটুৱাই নিলে ১০জনক, সন্ধানহীন ৩





    শিশু শ্ৰমিকৰ আইন অমান্য কৰি আৰক্ষী বিষয়াগৰাকীয়ে ৯ বছৰ বয়সতে নগাঁৱৰ পৰা ঘৰৰ বনকৰা ছোৱালী হিচাপে আনিছিল এগৰাকী কিশোৰীক। প্ৰায় তেৰ বছৰ ধৰি আৰক্ষী বিষয়াজনৰ ঘৰত বনকৰা হিচাপে আছিল কিশোৰীগৰাকী। দেওবাৰে আৰক্ষী বিষয়াজনৰ পত্নীয়ে ছোৱালীজনীৰ ওপৰত অমানৱীয় অত্যাচাৰ চলোৱাৰ লগতে মুৰৰ চুলি কাটি দিয়াৰ উপৰি কেঁচিৰে আঘাত কৰে ভৰিত। নিৰ্যাতন সহিব নোৱাৰি সুযোগ বুজি পলায়ন কৰা কিশোৰীগৰাকীক দেওবাৰে সন্ধিয়া স্থানীয় মহিলাই আশ্ৰয় প্ৰদান কৰে।





    আৰু পঢ়িব পাৰিব : সন্ধানহীন ডিমাকুছিৰ যুৱক, ক’লৈ গৈ হ’ল নিৰুদ্দিষ্ট?





    বিষয়াজনে পুনৰ কিশোৰীগৰাকীক লৈ যাবলৈ অহাত আতংকিত হৈ পৰে কিশোৰীগৰাকী। অৱশেষত জিলা শিশু সুৰক্ষা বিষয়া আৰু আৰক্ষীৰ সহযোগিতাত উদ্ধাৰ কৰা হয় কিশোৰীগৰাকীক৷