International
Nepal's newly elected President Ramchandra Paudel was admitted to Tribhuwan University Teaching Hospital in Kathmandu's Maharajgunj after...
মৰিগাঁও : দিন-দুপৰতে এগৰাকী কনমানিক অপহৰণ কৰিবলৈ গৈ কৰায়ত্ত হ'ল চাৰিজন অপহৰণকাৰী৷ মৰিগাঁওৰ সাতবড়ীত এটা চাৰিজনীয়া অপহৰণকাৰী দলে এগৰাকী ১১/১২ বছৰীয়া এগৰাকী কনমানিক নিজান ঠাইত জোৰকৈ গাড়ীত তুলিবলৈ চেষ্টা চলায়।
কিন্তু কনমানিগৰাকীয়ে কোনোমতে অপহৰণকাৰী দলটোৰ পৰা পলাই সাৰে। এই কাণ্ডৰ পাছতে অপহৰণকাৰী দলটোৱে পাছে পাছে খেদি যায় যদিও স্থানীয় লোকক দেখি গাড়ীত উঠি পলায়নৰ চেষ্টা চলাই যদিও গাঁৱৰ ৰাইজৰ তৎপড়তাত কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে অপহৰণকাৰী দলটোক।
মৰিগাঁওৰ বিভিন্ন অঞ্চল দীর্ঘদিন ধৰি চুলি বেপাৰৰ নাম লৈ গাঁওসমূহত প্ৰৱেশ কৰি আহিছে সন্দেহজনক লোকে। ৰাইজৰ অভিযোগ অনুসৰি এই অপহৰণকাৰী দলটো চুলি কিনিবলৈ আহে গাঁওখনত। অধিক তথ্য আৰক্ষীৰ অনুসন্ধানৰ পাছতহে পোহৰলৈ আহিব।
Leave A Comment