• চুলে শতকৰ ঘৰ : অসমতো পেট্ৰ’লৰ দামৰ ‘দুৰ্দান্ত পৰাক্ৰম’

    আঞ্চলিক
    চুলে শতকৰ ঘৰ : অসমতো পেট্ৰ’লৰ দামৰ ‘দুৰ্দান্ত পৰাক্ৰম’

    গুৱাহাটী : অসমতো দুৰ্দান্ত পৰাক্ৰম দেখুৱাইছে ইন্ধনৰ দামে। পেট্ৰ’ল-ডিজেলৰ দৰে অত্যাৱশ্যকীয় ইন্ধনৰ দ্ৰুত দাম বৃদ্ধিয়ে দেশজুৰি জনগণক ব্যতিব্যস্ত কৰি তুলিছে। এতিয়া অসমতো চেঞ্চুৰীৰ অৰ্জন কৰিছে দিশে পেট্ৰ’লৰ দামে৷ দেশত ১১ ৰাজ্যত ইতিমধ্যে ১০০ পাৰ কৰিছে দামে৷ এইবাৰ অসমৰ হাইলাকান্দিতো ‘এক্সট্ৰা প্ৰিমিয়াম’পেট্ৰ’লৰ দামে অতিক্ৰম কৰিলে ১০০ টকা৷ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধিত জ্বলা-কলা খাইছে জনতাই৷ এমাহত ১৮ বাৰকৈ বাঢ়িল পেট্ৰ’ল-ডিজেলৰ দাম৷ আজি পুনৰ ৪১ পইচা বৃদ্ধি হয় পেট্ৰ’লৰ দাম৷ আজিৰ দিনটোত সাধাৰণ পেট্ৰ’লৰ দাম ৯৫.৩৩ টকা৷ আনহাতে ডিজেলৰ দাম ৮৮.৭৪ টকা হয়গৈ৷ ১ জুনত দাম আছিল পেট্ৰ'লৰ ৯০.২০ টকা আৰু ডিজেলৰ ৮৫.২৩ টকা। এমাহতে ৫ টকা বৃদ্ধি পালে পেট্ৰ'লৰ দাম।





    কেৱল গুৱাহাটীতে নহয় অসমৰ আন আন প্ৰধান চহৰসমূহটো বৃদ্ধি হৈছে পেট্ৰ'ল ডিজেলৰ দাম। কামৰূপত প্ৰতি লিটাৰ পেট্ৰ'লত ৯৫.৪১ টকা, ডিজেলৰ দাম হৈছেগৈ ৮৮.২১ টকা৷ বাক্সাত পেট্ৰ'লৰ দাম ৯৫.৫৯, ডিজেলৰ ৮৮.৯৭ টকা৷ ইফালে, কাছাৰত পেট্ৰ'লৰ দাম ৯৬.১৭, ডিজেলৰ ৮৯.৫৭ টকা৷ বিশ্বনাথত ৯৬.১৭ টকা পেট্ৰ'ল, ৮৯.৫৭ টকা৷ চিৰাঙত পেট্ৰ'লৰ দাম ৯৫.১৭ টকা আৰু ডিজেলৰ দাম ৮৮.৬৪ টকা হৈছে৷ কাৰ্বি আংলঙত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম হৈছে ৯৬.৮২ টকা, বিপৰীতে ডিজেলৰ দাম ৯০.১৫ টকালৈ বাঢ়িছে৷ ধুবুৰীত ৯৬.৫৭ টকালৈ বাঢ়িছে পেট্ৰ'লৰ দাম, ৮৯.৯১ টকালৈ দাম বাঢ়িছে ডিজেলৰ৷ যোৰহাটত পেট্ৰ’লৰ দাম হৈছে ৯৫.৪১ টকা আৰু ডিজেলৰ দাম হৈছে ৮৯.২১টকা৷ লখিমপুৰত ৯৭.১৪ টকালৈ বৃদ্ধি পাইছে পেট্ৰ'লৰ দাম, ৯০.৭০ টকালৈ ডিজেলৰ দাম বাঢ়িছে৷