Sci & Tech
গুৱাহাটী: অপৰাধমূলক ঘটনা নিৰ্মূলৰ বাবে মহানগৰ আৰক্ষীয়ে সংবাদ মাধ্যমত শিৰোনাম দখল কৰি আহিছে৷ এইবাৰ মহানগৰ আৰক্ষীয়ে আন এক বৃহৎ সফলতা অৰ্জন কৰে। মহানগৰীৰ আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ চুৰি কৰা সামগ্ৰীসহ গ্ৰেপ্তাৰ হয় দুই গভাইত চোৰ। ধৃত চোৰ দুজন হৈছে ক্ৰমে এলিমুদ্দিন আলী ওৰফে কালু আৰু আব্দুল হামিদ।
চোৰ দুজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে নামঘৰৰ পৰা চুৰি কৰা কাঁহ-পিতলৰ বহু সামগ্ৰীৰ লগতে বৃহৎ পৰিমাণৰ তামসহ উদ্ধাৰ কৰে চুৰিকাৰ্যত ব্যৱহৃত AS 01 EE 1135 নম্বৰৰ এখন স্কুটী। নুনমাটি আৰক্ষী আৰু গীতানগৰ আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই ভাস্কৰ নগৰ আৰু অনিল নগৰৰ পৰা গ্ৰেপ্তাৰ কৰে সামগ্ৰীসহ গভাইত চোৰ দুজনক।
ধৃত চোৰ দুজনে মহানগৰীৰ ভিন্নস্থানত চুৰিকাৰ্য সংঘটিত কৰি আহিছিল। মঠঘৰীয়াৰ কৃষ্ণ গোপাল নামঘৰত বুধবাৰে দিন দুপৰতে সংঘটিত হোৱা চুৰিকাণ্ডত জড়িত আছিল এই দুজন চোৰ। ধৃত চোৰ দুজনৰ লৈতে এটা বৃহৎ দল জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।
Leave A Comment