লখিমপুৰঃ লখিমপুৰ জিলাৰ চিলনীবাৰীৰ বজাৰত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। চুৰি কৰিবলৈ গৈ এখন বিপণীৰ ভিতৰতে মৃত্যু ঘটিছে চোৰৰূপী এগৰাকী কিশোৰৰ। ফল-মূলৰ দোকানত চুৰি কৰিবলৈ গৈ বৈদ্যুতিক তাঁৰত লাগি মৃত্যু ঘটিছে কিশোৰজনৰ।
বিপণীত চুৰিকাৰ্য সংঘটিত নহ’বলৈ স্বত্বাধিকাৰীগৰাকীয়ে চাৰিওফালে দি ৰাখিছিল বিদ্যুৎসংযোগ। চুৰি কৰিব গৈ তাঁৰত লাগি মৃত্যু ঘটিছে হাছিবুৰ আলী(১৩)কিশোৰটোৰ।
ঘটনাক লৈ পুৱাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাস্থলীত চিলনীবাৰী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ৰাইজৰ ৰোষৰ পৰা উদ্ধাৰ কৰিছে বিপণীখনৰ স্বত্বাধিকাৰী চিৰাজুল ইছলামক। আৰক্ষীয়ে চিৰাজুলক আটক কৰি অব্যাহত ৰাখিছে সোধা-পোছা।
Leave A Comment