National
Following his disqualification from the Lok Sabha, Congress leader Rahul Gandhi has been served with a notice to leave the government-allotted bungalow...
Digital Desk: Following his disqualification from the Lok Sabha, Congress leader
তিতাবৰঃ তিতাবৰ আৰক্ষীৰ জালত পৰিছে চাৰিটাকৈ গভাইট চোৰ। মোবাইল টাৱাৰৰ বেটাৰী চুৰি কৰি গ্ৰেপ্তাৰ হৈছে দুৰ্ধর্ষ চোৰকেইটা। লগতে প্ৰায় দুই লক্ষাধিক টকাৰ চুৰি সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে।
বিগত কেইবাদিনো ধৰি তিতাবৰৰ বিভিন্ন স্থানত মোবাইল কোম্পানীৰ টাৱাৰৰ পৰা বেটাৰী চুৰি কৰি ডেম্পত বিক্ৰী কৰি আহিছিল চোৰকেইটাই। অৱশেষত তিতাবৰ বগাৰ গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ তৎপৰতাত মহকুমা আৰক্ষী বিষয়া নৱনীতা শৰ্মা আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নয়নমণি সিনহাৰ নেতৃত্ব যোৱা এটা আৰক্ষীৰ দলে কৰায়ত্ত কৰিবলৈ সক্ষম হয় দুৰ্ধর্ষ চোৰকেইটাক।
চোৰকেইটা ক্ৰমে যোৰহাটৰ নেফা তিনিআলিৰ আদিত্য বাচফাৰ, দক্ষিণ হাতীচুঙি গাঁৱৰ ৰণ্টু গগৈ, যোৰহাট লিচুবাৰী কলনীৰ অজয় ৰয় আৰু যোৰহাট জে’ল ৰোডৰ মণ্টু কুমাৰ বুলি জানিব পৰা গৈছে। লগতে চুৰিকাৰ্যত ব্যৱহৃত হোৱা AS-03-H-4259 নম্বৰৰ এখন বগা ৰঙৰ ইণ্ডিগ’ বাহনো জব্দ কৰে আৰক্ষীয়ে।
Leave A Comment