• চেঁচাৰ কোবাল সোঁতত উটিল যুৱক বেল বাইগা

    আঞ্চলিক
    চেঁচাৰ কোবাল সোঁতত উটিল যুৱক বেল বাইগা

    ডিব্ৰুগড়: ‘স্বাধীনতা দিৱস’ৰ দিনাই ডিব্ৰুগড়ত চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। চেঁচা নৈৰ কোবাল সোঁতে উটুৱাই নিলে বকুল মাজগাঁৱৰ বেল বাইগা (৩৫) নামৰ যুৱকক। ভোগপাৰা অ’চিএছৰ সমীপত পিকনিক খাবলৈ বুলি যোৱা যুৱকজনৰ চেঁচা নৈত ঘটে সলিল সমাধি। একেখন গাঁৱৰে ভাৰত কুমাৰ, বিৰেন কুৰ্মী, গহীন দত্ত আৰু ৰেবা তাছাৰ সৈতে চেঁচা নৈৰ পাৰত পিকনিক খাই নদীত গাঁ ধূবলৈ যোৱাৰ সময়তে নদীৰ কোবাল সোঁতে উটুৱাই নিয়ে যুৱকজনক।





    দেওবাৰে বিয়লি ২বজাত সংঘটিত হোৱা ঘটনাৰ পাছতে অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ইফালে যুৱকজনক বিচাৰি এছডিআৰএফ বাহিনীৰ এটা দল আজি পুৱাৰ ভাগতে যুৱকজনক বিচাৰি অভিযান আৰম্ভ কৰিছে। তিনি সন্তানৰ পিতৃ বেল বাইগাৰ মৃত্যুক ৰহস্যজনক বুলি উল্লেখ কৰিছে পত্নী অনিতা বাইগাই। পত্নীৰ অভিযোগ বেল বাইগাই ভাত খাই থকাৰ সময়ত ভাৰত কুমাৰ, বিৰেন কুৰ্মী, গহীন দত্তই লৈ গৈছিল চেঁচা নৈৰ পাৰত। স্থানীয় ৰাইজেও যুৱকজনৰ মৃত্যুক লৈ সন্দেহ প্ৰকাশ কৰিছে।





    ইফালে ঘটনাৰ সন্দৰ্ভত লাহোৱাল আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ঘটনাৰ সন্দৰ্ভত বেল বাইগাৰ পৰিয়ালে এজাহাৰ দিয়াৰ পূৰ্বে বাইগাৰ চাৰি সতীৰ্থ ভাৰত কুমাৰ, বিৰেন কুৰ্মী, গহীন দত্ত আৰু ৰেবা তাছাক আটক কৰিছে। এই পৰ্যন্ত যুৱকজনৰ শুংসূত্ৰ লাভ কৰিব পৰা নাই এছ ডি আৰ এফৰ ডুবাৰুৰ দলে।