ঢকুৱাখনা : বুধবাৰে সন্ধিয়া ঢকুৱাখনা ঘিলামৰা-মাছখোৱা সংযোগী গড়কাপ্তানি পথত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা৷ এই দূৰ্ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে দুজন লোক গুৰুতৰভাৱে আহত হৈ ডিব্ৰুগড়ত চিকিৎসাধীন হৈ আছে৷
ঢকুৱাখনাৰ ঘিলামৰা চাকুলী গাঁৱৰ চেনিৰাম চমুৱা (৫৫) আৰু নলতলি গাঁৱৰ অতুল গগৈ (৪৮) নামৰ খেতিয়কদুজনে ধেমাজি জিলাত মূগাৰ সঁচ বিচাৰি গৈ ধেমাজিৰ পৰা মাছখোৱা হৈ নিজা গৃহলৈ মটৰ চাইকেলেৰে মাছখোৱা-বাটমাৰি পথেৰে আহি থাকোতে ধেনুখনা-বাটমাৰিৰ ওচৰত বিপৰীত দিশৰ পৰা অহা ধেনুখনা হিলৈদাৰী গাঁৱৰ মন্টু গগৈ (৩২) নামৰ যুৱক জনৰ বাইকেৰে মুখামুখিকৈ হোৱা সংঘৰ্ষত তিনিও জনৰ অৱস্থা সংকটজনক হৈ পৰে৷
গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত তিনিওজনকে স্থানীয় লোকে ধেমাজি অসামৰিক চিকিৎসালয়লৈ পঠিওৱাৰ পাছত চেনিৰাম চমুৱাৰ অৱস্থা অধিক সংকটজনক হোৱাত চিকিৎসকে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে যদিও পথতে লোকজনৰ মৃত্যু হয়৷ চেনিৰামৰ মৃত্যুৰ বাতৰি পোৱাৰ পাছতে এতিয়া অসহায় হৈ পৰিছে পৰিয়ালৰ লোক৷
Leave A Comment