National
Aam Aadmi Party (AAP) chief and Delhi chief minister Arvind Kejriwal is scheduled to arrive in Guwahati on Sunday (April 2), along with Punjab chief minister Bhagwant Mann...
নতুন দিল্লীঃ মহেন্দ্ৰ সিং ধোনী-নামেই যাৰ পৰিচয়! ভাৰতীয় ক্ৰিকেটক অন্য এক মাত্ৰা প্ৰদান কৰা এইগৰাকী কিংনবদন্তি তাৰকাই পুনৰ এক নতুন ৰেকৰ্ড স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। চলিত আইপিএলত আৰু এক মাইলষ্ট’ন স্পৰ্শ কৰিলে ধোনীয়ে। আইপিএলৰ উইকেটকীপাৰ হিচাপে সৰ্বাধিক কেচ সংগ্ৰহৰ কৃতিত্ব অৰ্জন কৰিছে চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক ধোনীয়ে। আইপিএলৰ উইকেটকীপাৰ হিচাপে সৰ্বাধিক ১১৭টা কেচেৰে চেন্নাইক ৩টা আইপিএল খিতাপ উপহাৰ দিছে অধিনায়ক ধোনীয়ে। আবুধাবিত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অনুষ্ঠিত খেলখনত এই যোগ্যতা অৰ্জন কৰিছে তাৰকা ক্ৰিকেটাৰ গৰাকীয়ে। কলকতা নাইট ৰাইডাৰ্ছৰ বেঙ্কটছ আয়াৰৰ কেচটোৰে নৱ অভিলেখ ধোনীৰ।
উল্লেখ্য যে, ধোনীৰ পাছতে সৰ্বাধিক কেচ গ্ৰহণকাৰী ক্ৰিকেটাৰ হিচাপে দ্বিতীয় স্থানত আছে দীনেশ কাৰ্তিক। আইপিএলৰ উইকেটটকীপাৰ হিচাপে ১১৫টা কেচ সংগ্ৰহ কৰিছে দীনেশ কাৰ্তিকে।
ধোনীয়ে আই পি এলৰ ২১৪ খন খেলত কেচ আৰু ষ্টাম্পিংৰ সৈতে মুঠ ১৫৫ টা উইকেট দখল কৰিছে। আনহাতে, দীনেশ কাৰ্তিকে ১৪৬টা উইকেট দখল কৰিছে। টেষ্ট, এদিনীয়া আৰু টি-২০ত চেম্পিয়নছ ট্ৰফী প্ৰদান কৰা ভাৰতীয় ক্ৰিকেটৰ যুগদ্ৰষ্টা ধোনীয়ে ৫৩৮ খন খেলত ১৬ টা শতকেৰে অধিনায়ক হিচাপে ১৭,২৬৬ ৰাণ সংগ্ৰহ কৰিছে। ধোনীয়ে আই পি এলৰ ২১৪ খন খেলত ২৩ টা অৰ্ধশতকৰ সহায়ত ৪,৬৮৪ ৰান সংগ্ৰহকাৰী অষ্টম খেলুৱৈ। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ অধিনায়ক বিৰাট কোহলীয়ে সৰ্বাধিক ৬,১৮৫ ৰাণ সংগ্ৰহ কৰি তালিকাৰ শীৰ্ষস্থানত আছে। আনহাতে শিখৰ ধাৱানে আই পি এলত ৫,৬২৭ ৰানেৰে দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ যোগ্যতা অৰ্জন কৰিছে।
Leave A Comment