• চেন্নাই চুপাৰ কিংছৰ ৰোমাঞ্চকৰ জয়

    আঞ্চলিক
    চেন্নাই চুপাৰ কিংছৰ ৰোমাঞ্চকৰ জয়

    মুম্বাই : চেন্নাই চুপাৰ কিংছৰ ৰোমাঞ্চকৰ জয় | পেট কমিঞ্চৰ দুৰ্দান্ত প্ৰদৰ্শনেও জয়ৰ সোৱাদ দিব নোৱাৰিলে কলকাতাক |মুম্বাই- কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন চেন্নাই চুপাৰ কিংছৰ ১৮ৰানৰ ব্যৱধানত ৰোমাঞ্চকৰ জয় | চেন্নাই চুপাৰ কিংছে প্ৰথমে বেটিং কৰি ২২১ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে |প্ৰত্যুত্তৰত কলকাতা নাইট ৰাইডাৰ্ছে ১৯.১ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মুঠ ২০২ ৰানহে কৰিবলৈ সক্ষম হয় |





    আৰু পঢ়িব পাৰিব: ফোপোলা ভাষণ নালাগে, দেশে সমাধান বিচাৰিছে…





    পেট কমিঞ্চে ৪টা বাউণ্ডেৰী আৰু ৬টা অভাৰ বাউণ্ডেৰীৰে অপৰাজিত সৰ্বাধিক ৬৬ৰানৰ বৰঙনি আগবঢ়ায় | চেন্নাই চুপাৰ কিংছৰ হৈ Lungi Ngidi এ চাৰি অভাৰত ২৮ৰান ব্যয় কৰি সৰ্বাধিক তিনিটা উইকেট দখল কৰে |





    আৰু পঢ়িব পাৰিব: দ্ৰুতগতিত সংক্ৰমণঃ স্বাস্থ্যপৰীক্ষা নকৰাকৈয়ে অসমত প্ৰৱেশ বহুজনৰ





    আনহাতে, চেন্নাই চুপাৰ কিংছৰ হৈ ফাফ ডু প্লেছিয়ে ৯টা বাউণ্ডেৰী আৰু ৪টা অভাৰ বাউণ্ডেৰীৰে ৯৫ৰানৰ বৰঙনি আগবঢ়ায় |উল্লেখযোগ্য যে,তৃতীয় জয়েৰে চেন্নাই চুপাৰ কিংছে পইন্ট টেবুলৰ শীৰ্ষ স্থানত থকাৰ পৰিৱৰ্তে কলকাতা নাইট ৰাইডাৰ্ছ সপ্তম স্থানত অৱস্থান কৰিছে |