• চেন্নাই ছুপাৰ কিংছ-মুম্বাই ইণ্ডিয়ানছৰ ব্লকবাষ্টাৰ সংঘৰ্ষ

    আঞ্চলিক
    চেন্নাই ছুপাৰ কিংছ-মুম্বাই ইণ্ডিয়ানছৰ ব্লকবাষ্টাৰ সংঘৰ্ষ

    নতুন দিল্লী : বিচিচিআই-এ সংযুক্ত আৰব আমিৰাত অনুষ্ঠিত হ'বলগীয়া আই পি এল ২০২১ৰ সময়সূচী প্ৰকাশ কৰিছে। ২৭দিনৰ ভিতৰত মুঠ ৩১খন খেল অনুষ্ঠিত হ’ব। ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে চলিত বৰ্ষৰ মে’ মাহত স্তগিত ৰখা চতুৰ্দশ ছিজনৰ বাকী থকা খেলকেইখন ১৯ ছেপ্টেম্বৰৰ পৰা ডুবাইত অনুষ্ঠিত হ’ব। প্ৰথম খেলখনত মুখামুখী হ’ব বহু সমাদৃত দুটা দল। ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ মুখামুখী হ’ব ধোনী নেতৃত্বাধীন চেন্নাই ছুপাৰ কিংছ।






    উল্লেখ্য যে, ডুবাইত ১৩ খন, শ্বাৰজাহত ১০ খন আৰু আবু ধাবীত মুঠ ৮ খন খেল অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি, আবেলি ৭:৩০ বজাত আৰম্ভ হ'বলগীয়া প্ৰথমখন খেলৰ সৈতে ৭ টা ডাবল হেডাৰ থাকিব। মুঠ ১২খন খেলৰ ৫খন প্ৰতিযোগিতা ইতিপূৰ্বে ভাৰতত অনুষ্ঠিত হৈছে। আইপিএল-ৰ সময়সূচী প্ৰকাশে আনন্দিত কৰি তুলিছে ক্ৰীড়াপ্ৰেমীক। লীগ পৰ্যায়ৰ অন্তিম খন খেল ৮ অক্টোবৰত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু দিল্লী কেপিটেলছৰ মাজত অনুষ্ঠিত হ’ব। প্ৰথম কোৱালিফায়াৰ খেলখন ১০ অক্টোবৰত ডুবাইত অনুষ্ঠিত হ’ব । এলিমিনেটৰ আৰু কোৱালিফায়াৰ-২ শ্বাৰজাহাত ১১ আৰু ১৩ অক্টোবৰত অনুষ্ঠিত হ’ব বুলি প্ৰকাশ পাইছে। ডুবাইয়ে ১৫ অক্টোবৰত ফাইনেল খেলৰ আয়োজন কৰিব।