International
ধুবুৰী : চোৰাং বেহাৰ ৰম্যভূমি হৈ পৰিছে ধুবুৰী জিলা৷ কেতিয়াবা যদি গৰুৰ চোৰাং বেহা৷ কেতিয়াবা আকৌ শিল-বালি৷ এইবাৰ জিলাখনত পুনৰ সক্ৰিয় হৈ পৰিছে শিল-বালিৰ ছিণ্ডিকেট চক্ৰ। DFOৰ নেতৃত্বত শিল-বালিৰ বৃহৎ ছিণ্ডিকেট।
আৰু পঢ়িব পাৰিব : ৰংঘৰৰ বাকৰিত সম্প্ৰীতিৰ অপূৰ্ব সমাহাৰ : প্ৰতিফলিত ৰাজকীয় পৰম্পৰা
ছিণ্ডিকেটত ধুবুৰী পৰিবহণ বিষয়াও জড়িত থকাৰ অভিযোগ। চৰকাৰক লাখ লাখ টকাৰ কৰফাঁকি দি ছিণ্ডিকেট চক্ৰই ধুবুৰী DFO আৰু পৰিবহণ বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰী মেনেজ কৰি চলাই গৈছে ৰমৰমীয়া ব্যৱসায়।
আৰু পঢ়িব পাৰিব : ছিণ্ডিকেট বন্ধৰ হুংকাৰ দিয়া বিজেপি চৰকাৰে গৰুৰ চোৰাং বেহা বন্ধ কৰিব পাৰিব নে?
এটা চালানেৰে দিনটোত তিনি-চাৰি ট্ৰাক শিল-বালি কঢ়িয়াই বৃহৎ কৰফাঁকিৰ অভিযোগ উত্থাপিত হোৱাৰ লগতে প্ৰতিখন ট্ৰাকে ৬ চেণ্টিমিটাৰৰ পৰিৱৰ্তে ১২ চেণ্টিমিটাৰকৈ কঢ়িয়াই আনে যদিও চকুমুদা কুলিৰ ভাও ধুবুৰী পৰিবহণ বিভাগৰ। ৰাইজৰ অভিযোগৰ ভিত্তিত নিশা ধুবুৰী আৰক্ষীয়ে পাঁচখনকৈ অভাৰ লোডেড বালিভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়।
Leave A Comment