International
Nepal's newly elected President Ramchandra Paudel was admitted to Tribhuwan University Teaching Hospital in Kathmandu's Maharajgunj after...
শিৱসাগৰ : আজি শিৱসাগৰৰ ডিমৌত অৱস্থিত তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ চ্যুকাফা মাল্টি স্পেচিয়েলিটী হাস্পতালত এক অত্যাধুনিক ‘মাল্টি চাৰ্জাৰী মাইক্ৰ’স্ক’প’ৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
আৰু পঢ়িব পাৰিব : প্ৰতিবাদী কৃষকৰ সমৰ্থনত আন্দোলন ঘোষণা আন্না হাজাৰেৰ
ডিমৌৰ দিচাং ৰজাবাৰীস্থিত চ্যুকাফা হাস্পতালত জাৰ্মানীৰ পৰা প্ৰায় ডেৰ কোটি টকা ব্যয়সাপেক্ষ এই অত্যাধুনিক চিকিৎসা যন্ত্ৰ ক্ৰয় কৰা হৈছে। যন্ত্ৰটো উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে অতি শীঘ্ৰে এই চিকিৎসালয়খন দক্ষিণ পূব এছিয়াৰ অন্যতম উল্লেখযোগ্য চিকিৎসালয় হিচাপে পৰিগণিত হ'ব বুলি আশা প্ৰকাশ কৰে।
আৰু পঢ়িব পাৰিব : গিবন অভয়াৰণ্যত তাঁৰৰ বেৰা নিৰ্মাণৰ নামত ৩৩লাখ টকা আত্মসাতৰ ফন্দি
এই অত্যাধুনিক যন্ত্ৰটোৰ যোগেদি চ্যুকাফা হস্পিতালত সকলোধৰণৰ অস্ত্ৰোপচাৰ সম্ভৱ হ'ব বুলি জানিব পৰা গৈছে। তেওঁ অএনজিচি কৰ্তৃপক্ষক চিকিৎসালয় চৌহদত স্বৰ্গদেউ চ্যুকাফাৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ আহ্বান জনায়।
Leave A Comment