comScore
  • চৰকাৰক ভূমিদান কৰি বিপাঙত যুৱকঃ আৰক্ষীচকীৰ বাৰাণ্ডাত আশ্ৰয়

    আঞ্চলিক
    চৰকাৰক ভূমিদান কৰি বিপাঙত যুৱকঃ আৰক্ষীচকীৰ বাৰাণ্ডাত আশ্ৰয়

    হাইলাকান্দিঃ মহানুভৱতায়ো কেতিয়াবা মাতি আনে বিপদ! পিতৃৰ মহানুভৱতাৰ ফলত বিপাঙত পৰিছে পুত্ৰ। ২০১৬ চনতে হাইলাকান্দি জিলাৰ কাটলিছেড়া সমষ্টিৰ কাৰিছেড়া এলেকাত বৃদ্ধি পোৱা অসাধু কাৰ্য-কলাপ বন্ধ কৰাৰ উদ্দেশ্যে স্থাপন কৰা হৈছিল এখন আৰক্ষী চকী। সেই সময়ত সমষ্টিটোৰ পৰা প্ৰতিনিধিত্ব কৰিছিল প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ে। গৌতম ৰয়ৰ উদ্যোগতে আৰক্ষী চকীটো নিৰ্মাণৰ বাবে সম্পূৰ্ণ বিনামূল্যে নিজৰ সকলো ভূমিদান কৰিছিল ভানু চন্দ্ৰ পাল নামৰ এগৰাকী স্থানীয় ব্যক্তিয়ে।





    নিজৰ ভূমি দান কৰাৰ বাবে তেওঁৰ একমাত্ৰ পুত্ৰ মুন্না পালক এটা চৰকাৰী চাকৰি প্ৰদান কৰাৰ আস্বাস প্ৰদান কৰিছিল, সেই সময়ৰ ৰাজ্যিক কেবিনেটৰ জ্যেষ্ঠ মন্ত্ৰী গৌতম ৰয়সহ অসম আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকলে। কিন্তু ইয়াৰ পাছতে মৃত্যু ঘটিছিল ভানু চন্দ্ৰ পালৰ। কালক্ৰমতৰ অৱসান ঘটিল গৌতম ৰয়ৰ ৰাজত্ব! আৰু আধৰুৱা হৈ থাকি গ’ল ভানু চন্দ্ৰ পালে লাভ কৰা চৰকাৰী প্ৰতিশ্ৰুতি।





    বৰ্তমান পিতৃ-মাতৃহীন মুন্না পাল ঘূৰিছে চৰকাৰী কাৰ্যালয়ৰ দ্বাৰে দ্বাৰে। ভূমিদান কৰাৰ পাছতে পাল পৰিয়ালক এটা গৃহ নিৰ্মাণ কৰি দিয়াৰ কাম আৰম্ভ কৰিছিল যদিও, সেয়াও অসম্পূৰ্ণ হৈয়ে থাকি গ’ল। দীৰ্ঘ বছৰ অসম্পূৰ্ণ হৈ পৰি থকাৰ পাছত গৃহটো এতিয়া হাবি-জংঘলেৰে পৰিপূৰ্ণ হৈ পৰিছে। বৰ্তমান আৰক্ষী চকীৰ বাৰাণ্ডাতে নিশা যাপন কৰিব লগা হয় মুন্নাই। মুন্না পালে বৰ্তমান ৰাজ্যিক চৰকাৰ আৰু আৰক্ষী বিভাগক তেওঁৰ জীৱনৰক্ষাৰ বাবে জনায়।


    indojawa88slot thailandsabung ayam onlinesv388Link Agen Sabung Ayam Onlinesv388sabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388agen sabung ayamagen sabung ayamagen sabung ayam