• চৰকাৰী নীতি-নিৰ্দেশনাক অংগুষ্ঠ নগাঁৱৰ জুনিয়ৰ কলেজৰ

    আঞ্চলিক
    চৰকাৰী নীতি-নিৰ্দেশনাক অংগুষ্ঠ নগাঁৱৰ জুনিয়ৰ কলেজৰ

    নগাঁও : চৰকাৰী নীতি-নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই নগাঁৱৰ একাংশ কনিষ্ঠ মহাবিদ্যালয়ে নিৰ্বিঘ্নে চলাইছে উচ্চতৰ মাধ্যমিক শাখাৰ নামভৰ্তিকৰণৰ প্ৰক্ৰিয়া ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা নকৰাকৈয়ে নগাঁৱৰ ‘কনচেপ্ট কনিষ্ঠ মহাবিদ্যাল’ৰ লগতে একাংশ জুনিয়ৰ কলেজে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিকৰণৰ নামত ধন সংগ্ৰহ কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷





    ক'ভিড মহামাৰীৰ বাবে উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা বাতিল কৰাৰ লগতে যোৱা ২৮ মে’ত শিক্ষা বিভাগে চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠানবোৰলৈ জাননীযোগে পৰীক্ষাৰ ফলাফল ঘোষণা নকৰা পৰ্যন্ত এডমিচন প্ৰদান নকৰিবলৈ আদেশ দিছিল। কিন্তু, চৰকাৰী এই নিৰ্দেশনাক সম্পূৰ্ণৰূপে অৱমাননা কৰি নগাঁৱৰ কনচেপ্ট জুনিয়ৰ কলেজৰ লগতে একাংশ কনিষ্ঠ মহাবিদ্যালয়ে উচ্চতৰ মাধ্যমিক শাখাৰ নামভৰ্তিকৰনৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷





    ইফালে, চৰকাৰী নিৰ্দেশনাক আওকান কৰি নামভৰ্তিকৰণৰ প্ৰক্ৰিয়া অব্যাহত ৰখা জুনিয়ৰ কলেজৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰিছে নগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে৷