আন্তঃৰাষ্ট্ৰীয়
গুৱাহাটী : ৰাজ্য চৰকাৰে কৰ’না প্ৰতিৰোধৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰাৰ পাছতো অব্যাহত আছে কৰ’নাৰ দ্ৰুত সংক্ৰমণ। বুধবাৰৰ দিনটোত নতুনকৈ আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছে ৩,০৪৫জন।
আৰু পঢ়িব পাৰিব : ছয়গাঁৱত চাঞ্চল্য : নিৰুদ্দিষ্ট যুৱকৰ কংকাল উদ্ধাৰ
কামৰূপ মহানগৰ জিলাত সৰ্বাধিকসংখ্যক আক্ৰান্ত চিনাক্ত হয়। বুধবাৰে জিলাখনত চিনাক্ত হয় ১,২০৬জন আক্ৰান্ত। ডিব্ৰুগড়ত ২২৯, কামৰূপত ২২৫জন পজিটিভ লোক চিনাক্ত হৈছে। নগাঁৱত আক্ৰান্ত হৈছে ১২৫ জন লোক।
আৰু পঢ়িব পাৰিব : পশ্চিমবংগত আজি শেষ পৰ্যায়ৰ নিৰ্বাচন
বুধবাৰৰ দিনটোত মৃত্যু ঘটিছে ২২জন ৰোগীৰ। ৰাজ্যত বৰ্তমান চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যা হৈছে ২১,৮৪৮।
Leave A Comment