• চৰকাৰৰ প্ৰতাৰণা! ৰাজ্যৰ প্ৰাথমিক শিক্ষকৰ অসহযোগ আন্দোলন

    আঞ্চলিক
    চৰকাৰৰ প্ৰতাৰণা! ৰাজ্যৰ প্ৰাথমিক শিক্ষকৰ অসহযোগ আন্দোলন

    গুৱাহাটী : ২০১৯ চনৰ ৩০ ডিচেম্বৰতে মুখ্যমন্ত্রীয়ে দিয়া নিৰ্দেশ আজি পৰ্যন্ত কাৰ্যকৰী নোহোৱাৰ বাবে বৃহস্পতিবাৰৰ পৰা তিনিদিনৰ বাবে বিদ্যালয়ৰ বাহিৰত থাকিব প্ৰাথমিক শিক্ষকসকল৷ চৰকাৰৰ সৈতে বাৰে বাৰে আলোচনা কৰাৰ পাছতো সমস্যাৰ সমাধান নহ'ল বুলি অভিযোগ কৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে৷





    আৰু পঢ়িব পাৰিব : মহাত্মা গান্ধী আছিল সৰ্বোৎকৃষ্ট আন্দোলনজীৱী : মোদীক কটাক্ষ চিদাম্বৰমৰ





    চৰকাৰক সকীয়নি দি অতি শীঘ্রেই স্নাতক শিক্ষকসকলক ৮,৭০০ টকাৰ গ্ৰেড পে' প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে সন্মিলনীয়ে৷ তেওঁলোকে জনোৱা মতে, চৰকাৰৰ সৈতে ৩৭বাৰ আলোচনা কৰাৰ পাছতো প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদসমূহ পূৰণ কৰা নহ'ল৷





    আৰু পঢ়িব পাৰিব : যৌন নিৰ্যাতনৰ বলি কিশোৰী : লোকলজ্জাৰ ভয়ত পুতি থ’লে নৱজাতকক





    ইপিনে ঠিকা ভিত্তিক শিক্ষকসকলৰ ৫% ডি এ আজিপৰ্যন্ত মোকলাই নিদিলে চৰকাৰে। যদি তিনিদিন অসহযোগৰ পাছতো দাবী মানি নলয় তেন্তে ২০ ফেব্ৰুৱাৰীত সকলো জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰা হ'ব বুলিও সকীয়নি দিয়ে প্ৰাথমিক শিক্ষক সন্মিলনীয়ে৷