• চৰকাৰৰ বিৰুদ্ধে হুংকাৰ টাই-আহোম যুৱ পৰিষদৰ, টিংখাঙত নতুন সমিতি গঠন

    আঞ্চলিক
    চৰকাৰৰ বিৰুদ্ধে হুংকাৰ টাই-আহোম যুৱ পৰিষদৰ, টিংখাঙত নতুন সমিতি গঠন

    নাহৰকটীয়াঃ টাই-আহোম জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণ আৰু স্বায়ত্তশাসন প্ৰদান নকৰিলে চৰকাৰৰ বিৰুদ্ধে ৰাজপথত ভয়ংকৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে ‘টাই-আহোম যুৱ পৰিষদ’-এ। টিংখাঙত অনুষ্ঠিত টাইপাৰ এক বিশেষ সভাত বিজেপি চৰকাৰৰ বিৰুদ্ধে এনেদৰে আক্ৰমণাত্মক মন্তব্য প্ৰদান কৰে সংগঠনটোৱে।





    টাই-আহোম যুৱ পৰিষদে জন্মলগ্নৰেপৰা টাই-আহোমসকলৰ জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবী উত্থাপন কৰি আহিছে যদিও প্ৰতিখন চৰকাৰে জনগোষ্ঠীটোৰ এই দাবীক কেৱল মাত্ৰ নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ এটা মাধ্যম হিচাপেহে গ্ৰহণ কৰি আহিছে। টাই আহোমসকলক ন্যায্য অধিকাৰ প্ৰদানৰ ক্ষেত্ৰত বৰ্তমানৰ ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনো একেবাৰে আগ্ৰহী নহয়। বুলি টাইপাৰ নাহৰকটীয়া মহকুমা সমিতিয়ে ক্ষোভ প্ৰকাশ কৰে।





    টিংখাঙৰ সাহিত্য সভা প্ৰাংগণত টাই-আহোম যুৱ পৰিষদৰ সাধাৰণ সভাত জনগোষ্ঠীটোৰ সৰ্বাংগীন উন্নয়নৰ ওপৰত আলোকপাত কৰা হয়। উক্ত সভাত টাইপাৰ নাহৰকটীয়া মহকুমা সমিতিৰ সভাপতি জ্যোতিপ্ৰসাদ চেতিয়াকে আদি কৰি কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে। উক্ত সভাতে পল্লৱ গগৈক সভাপতি, হেমন্ত গগৈক কাৰ্যকৰী সভাপতি তথা ভাস্কৰ কোঁৱৰ আৰু প্ৰশান্ত গগৈক যুটীয়া সম্পাদক হিচাপে লৈ ‘টাইপা’ৰ টিংখাং আঞ্চলিক সমিতিৰ ৩১ জনীয়া নতুন সমিতিখন গঠন কৰা হয়।