National
Digital Desk: External Affairs Minister Dr. S Jaishankar will represent India at the swearing-in ceremony of US President-elect Donald Trump on January 20. Donald Trump is set to become the 47th President of the
বৰপেটা : বৰপেটাৰ হাউলীত ন্যায় বিচাৰি হাহাকাৰ কৰিছে এগৰাকী যুৱতীয়ে। ধেমাজিৰ যুৱতী তথা বৰপেটা আইন মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ বৰপেটাৰ হাউলী চহৰৰ সমীপৰ মিলনজ্যোতি মহাবিদ্যালয়ৰ হিন্দী বিভাগৰ প্ৰবক্তা মাহবুব দৌলা আহমেদৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল৷ বিয়া কৰোঁৱাৰ প্ৰতিশ্ৰুতিৰে যুৱতীগৰাকীৰ শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল প্ৰৱক্তাজনে। পৰৱৰ্তী সময়ত অন্তঃসত্তা হোৱা যুৱতীগৰাকীয়ে গৰ্ভপাত কৰিবলৈ বাধ্য হয়।
আৰু পঢ়িব পাৰিব : পাৰিবাৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি, গুলীচালনাত আহত ৬
যুৱতীগৰাকীৰ অভিযোগ, প্ৰেমিক আৰু তেওঁৰ পৰিয়ালে নানা ধৰণৰ ভয়-ভাবুকিৰে আহমেদৰ ভাতৃৰ হাউলী চহৰত থকা ফাৰ্মাচীখনত গৰ্ভপাত কৰায়। এই সমগ্ৰ ঘটনা সংঘটিত হোৱাৰ পাছতো লম্পট যুৱক মাহবুব দৌলা আহমেদে কিছুদিন পূৰ্বে অন্য এগৰাকী যুৱতীৰ লগত গোপনে বিবাহপাশত আবদ্ধ হোৱাৰ পাছতে প্ৰেমিক মাহবুব দৌলা আহমেদৰ বিৰুদ্ধে ধেমাজিৰ ভুক্তভোগী যুৱতী গৰাকীয়ে কাষ চাপিছে আৰক্ষীৰ।
ভুক্তভুগী যুৱতীগৰাকীয়ে এই সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে হাউলী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। উক্ত এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ 420/367/313/325/392/365/34 ধাৰাত হাউলী থানত 531/2020 নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছে। কিন্তু আৰক্ষীয়ে এতিয়ালৈকে আটক কৰা নাই লম্পট যুৱক মাহবুব দৌলা আহমেদক।
আৰু পঢ়িব পাৰিব : গালোৱান উপত্যকাৰ ৰক্তক্ষয়ী সংঘাতত ৫ শ্বহীদলৈ সন্মান…
ইতিমধ্যে, যুৱতী গৰাকীয়ে মাহবুবৰ ফটো সম্বলিত এক গোহাৰি প্ৰস্তুত কৰি ন্যায় বিচাৰি ফুৰিছে। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও লম্পট আহমেদে মিলনজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ৰ এগৰাকী শিক্ষয়ত্রীক যৌন নিৰ্যাতন চলোৱা ঘটনাক লৈ এতিয়াও গোচৰ চলি আছে। কিন্তু ইয়াৰ পাছতো লম্পট প্ৰৱক্তাজনৰ বিৰুদ্ধে মহাবিদ্যালয় কৰ্তৃপক্ষই কিয় ব্যৱস্থা লোৱা নাই সেয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে।
Leave A Comment