• চৰাই মৰে ৰৈ, আঙুৰলতা মৰে কৈ! দন্ত চিকিৎকৰ বিৰুদ্ধে গৈ দাঁতে-ওঠে কামোৰ খালে বিজেপি নেত্ৰীয়ে

    আঞ্চলিক
    চৰাই মৰে ৰৈ, আঙুৰলতা মৰে কৈ! দন্ত চিকিৎকৰ বিৰুদ্ধে গৈ দাঁতে-ওঠে কামোৰ খালে বিজেপি নেত্ৰীয়ে

    ডিজিটেল ডেস্কঃ এসময়ত অসমীয়া ছবিজগতত নিজৰ অভিনয়েৰে দৰ্শকৰ মিঠা প্ৰশংসা পোৱা আঙুৰলতা এতিয়া টেঙা হ'ল! ৰাজনীতিৰ পথাৰত নামি দলীয় স্বাৰ্থ সিদ্ধি কৰিবলৈ গৈ বোকাৰে লুতুৰ-পুতুৰ হ'ল প্ৰাক্তন বিজেপি বিধায়িকা আঙুৰলতা ডেকা। বিজেপি মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী আঙুৰলতাই চিকিৎসক সমাজৰ বিৰুদ্ধে কৰা এক মন্তব্যই ক্ষোভৰ দাবানল আনিছে চিকিৎসকসকলৰ মাজত। ইণ্ডিয়ান ডেণ্টেল এছ'চিয়েশ্যন শিলচৰ শাখাৰ সভাপতি ডঃ প্ৰদীপ কুমাৰ দাসে ৰুজু কৰিছে এক গোচৰ। ডঃ দাসে দাখিল কৰা এজাহাৰত আঙুৰলতাই দন্ত চিকিৎসক সমাজক আঘাত কৰা বুলি উল্লেখ কৰে।





    উল্লেখ্য যে বটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই এক সংবাদমেলযোগে দন্ত চিকিৎসকে মহিলাক চিকিৎসাৰ সময়ত বুকুত ইচ্ছাকৃতভাবে স্পৰ্শ কৰি একপ্ৰকাৰ নিৰ্যাতন চলায় বুলি বিস্ফোৰক মন্তব্য আগবঢ়াইছিল। ইয়াৰ পৰিণতিত সিকিৎসকসকলৰ ৰোষত পৰে বিজেপি নেত্ৰীগৰাকী। ইণ্ডিয়ান ডেণ্টেল এছ'চিয়েশ্যন শিলচৰ শাখাৰ সভাপতি তথা আইডিএ-ৰ কেন্দ্ৰীয় পৰিষদ সদস্য হিচাপে ডঃ প্ৰদীপ কুমাৰ দাসে আঙুৰলতাৰ মন্তব্যক গৰিহনা জনাইছে। কৰ'নাৰ বিৰুদ্ধে যুঁজিবলৈ মহামাৰীৰ সময়ত জনসাধাৰণক সেৱাৰ স্বাৰ্থত নিজৰ সৰ্বস্ব ত্যাগ কৰাৰ পাছতো চিকিৎসকৰ বিৰুদ্ধে এনে অভিযোগকাৰী মন্তব্য দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে ডঃ দাসে। ঘটনা সন্দৰ্ভত উচিত তদন্তৰ লগতে ন্যায় দাবী কৰিছে দন্ত চিকিৎসকক প্ৰতিনিধিত্ব কৰি এজাহাৰ দাখিল কৰা ডঃ প্ৰদীপ কুমাৰ দাসে।