• ছাউথগেটেক তুলনা বলীউড বাদশ্বাহৰ সৈতে

    আঞ্চলিক
    ছাউথগেটেক তুলনা বলীউড বাদশ্বাহৰ সৈতে

    নতুন দিল্লীঃ ভাৰতীয় দলৰ প্ৰাক্তন অ’পেনাৰ ৱাছিম জাফৰে ইংলেণ্ড ফুটবল দলৰ প্ৰশিক্ষক গেৰেথ ছাউথগেটেক বলীউড বাদশ্বাহ শ্বাহৰুখ খানৰ সৈতে তুলনা কৰিছে। বলীউডৰ জনপ্ৰিয় ছবি ‘চক ডে’ ইণ্ডিয়া’ৰ শ্বাহৰুখ খানৰ চৰিত্ৰৰ সৈতে তুলনা কৰিছে ভাৰতীয় খেলুৱৈজনে। সোমবাৰে ট্ৰাইবেকাৰত নিষ্পত্তি হোৱা খেলখনত ইংলেণ্ডৰ স্বপ্ন চাৰখাৰ হোৱাৰ পাছতে এই মন্তব্য ৱাছিম জাফৰৰ।


    উল্লেখ্য যে, ১৯৯৬ চনত ইউৰোৰ ছেমিফাইনেলত জাৰ্মানিৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল ইংলেণ্ড। খেলখনত ব্ৰিটিছ ফুটবল দলৰ বৰ্তমানৰ প্ৰশিক্ষকজনে এটা পেনাল্টি শ্বট মাৰিবলৈ গৈ ব্যৰ্থ হৈছিল। সুদীৰ্ঘ বছৰৰ অন্তত অতীতৰ সেই বিষাদভৰা স্মৃতিত ৰং-তুলিকাৰ বোল সনাৰ পূৰ্ণ সুযোগ আছিল ব্ৰিটিছ সেনাৰ। কিন্তু ইতিহাসৰ পুনৰাবৃত্তিৰে ছাউথগেটেৰ দলে ইটালীৰ বিৰুদ্ধে পেনাল্টি শ্বটতে থমকিব লগা হয়।

    ছাউথগেটেৰ জীৱন পৰিক্ৰমাৰ কাহিনী ‘চক ডে’ ইণ্ডিয়া’ৰ সৈতে বহুল সামঞ্জস্য আছে। ছবিখনত কবীৰ খানে ভাৰতীয় মহিলা হকী দলৰ প্ৰশিক্ষক আছিল। পাকিস্থানৰ বিৰুদ্ধে কবীৰ খানে পেনাল্টিত ব্যৰ্থ হ’লেও তেওঁৰ নেতৃত্বতেই ভাৰতীয় মহিলা হকী দল বিশ্বকাপ চেম্পিয়ন হৈছিল। ছবিখনতো খেলখনৰ নিৰ্ণয় হৈছিল পেনাল্টিত শ্বটতে। এই ছবিখনে ভাৰতীয় ক্ৰীড়া সমৰ্থকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। সেইবাবে ৱাছিম জাফৰে ছাউথগেটেৰ সৈতে শ্বাহৰুখ খানৰ চৰিত্ৰত অভিনয় কৰা কবীৰ খানক তুলনা কৰিছে।