• ছাত্ৰীক যৌন নিৰ্যাতন কবিৰাজৰঃ পলাতক অভিযুক্ত

    আঞ্চলিক
    ছাত্ৰীক যৌন নিৰ্যাতন কবিৰাজৰঃ পলাতক অভিযুক্ত

    মৰাণঃ নন্দিতা শইকীয়াৰ নৃশংস হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নাযাওঁতেই ৰাজ্যত সংঘটিত হৈছে ইটোৰ পাছত সিটো নাৰী নিৰ্যাতনৰ ঘটনা৷ এইবাৰ মৰাণৰ খোৱাঙত এগৰাকী দ্বাদশ শ্ৰেণীৰ ছাত্ৰীক এটা ভণ্ড কবিৰাজে যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ খোৱাং আজাৰগুৰিৰ নিবাসী গৌতম কলিতা নামৰ লম্পটটোৱে দীৰ্ঘদিনে চোৱা-চিতাৰ জৰিয়তে বিভিন্ন লোকৰ চিকিৎসা কৰি আহিছিল৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি গৌতম কলিতাই কবিৰাজীৰ নামত প্ৰলোভনেৰে বিভিন্ন লোকৰ পৰা দাবী কৰিছিল বৃহৎ পৰিমাণৰ ধন৷





    বিগত ২৪ আগষ্টত খোৱাঙৰ এগৰাকী ১৬ বছৰীয়া কিশোৰীক চিকিৎসাৰ নামত বন্ধ কোঠাত আবদ্ধ কৰি গৌতম কলিতাই যৌন নিৰ্যাতন চলাইছিল৷ এই বিষয়ে কিশোৰীগৰাকীয়ে পিতৃক অৱগত কৰাৰ পাছতে খোৱাং আৰক্ষী থানাত কবিৰাজগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷ খোৱাং আৰক্ষীয়ে কিশোৰীগৰাকীৰ পিতৃৰ এজাহাৰৰ ভিত্তিত এক গোচৰ পঞ্জীয়ন কৰি তেওঁক গ্ৰেপ্তাৰৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে যদিও বিগত এটা সপ্তাহে পলাতক হৈ আছে গৌতম কলিতা৷





    কবিৰাজৰ কৰ্মকাণ্ডত ক্ষুদ্ধ স্থানীয় ৰাইজে আজি কবিৰাজটোৰ ঘৰৰ সন্মুখতে প্ৰতিবাদ সাব্যস্ত কৰি গৌতম কলিতাক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়৷ লগতে গৌতম কলিতাৰ ভণ্ড ব্যৱসায় বন্ধ কৰাৰো দাবী জনায় স্থানীয় ৰাইজে৷ ঘটনাস্থলীত খোৱাং আৰক্ষী উপস্থিত হৈ দোষীক শীঘ্ৰে গ্ৰেপ্তাৰৰ আশ্বাস দিয়াত পৰিস্থিতি শান্ত হয়৷






    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor