• ছাত্ৰ সন্থাৰ প্ৰশংসনীয় পদক্ষেপঃ দৰঙৰ ৭টাকৈ ‘শ্বহীদ ভৱন’ ক’ভিড সেৱাৰ বাবে অৰ্পণ

    আঞ্চলিক
    ছাত্ৰ সন্থাৰ প্ৰশংসনীয় পদক্ষেপঃ দৰঙৰ ৭টাকৈ ‘শ্বহীদ ভৱন’ ক’ভিড সেৱাৰ বাবে অৰ্পণ

    মঙলদৈঃ সদৌ দৰং জিলা ছাত্ৰ সন্থাই গ্ৰহণ কৰিছে প্ৰশংসনীয় পদক্ষেপ। দৰঙৰ ৭টাকৈ ‘শ্বহীদ ভৱন’ ক’ভিড সেৱাৰ বাবে জিলা প্ৰশাসনক অৰ্পণ কৰিছে জিলা ছাত্ৰ সন্থাই। জিলাখনৰ উপায়ুক্তৰ হাতত লিখিতভাৱে আগবঢ়াইছে ‘শ্বহীদ ভৱন’ কেইটা।





    আৰু পঢ়িব পাৰিব : হিমন্ত যদি ধ্ৰুৱতৰা ; সৰ্বাও ভোটাতৰা: অসমৰ ৰাজনীতিত দুয়োৰে গুৰুত্ব অপৰিসীম





    প্ৰশাসনক প্ৰদান কৰা ভৱনকেইটা ক্ৰমে- মঙলদৈ, দেওমৰনৈ, দলগাঁও, কুৰুৱা, দুনী, পশ্চিম দৰং আৰু ছিপাঝাৰ। সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি পৰাগ কুমাৰ চহৰীয়া, সাধাৰণ সম্পাদক সত্যৰঞ্জন ডেকাৰ স্বাক্ষৰিত পত্ৰ লিখিতভাৱে দৰং জিলাৰ উপায়ুক্তৰ হাতত প্ৰদান কৰে।





    আৰু পঢ়িব পাৰিব : ৰাজ্যত সুৰক্ষিত নহয় যুৱতী: আন এক ধৰ্ষণকাণ্ডই জোকাৰিছে অসম





    এই কাৰ্যত সদৌ দৰং জিলা ছাত্ৰ সন্থাক আদৰণি জনাই ‘সদৌ অসম ছাত্ৰ সন্থা’ৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, বিত্ত সম্পাদক খনিন্দ্ৰ কুমাৰ ৰাজবংশী আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নিৰঞ্জন শইকীয়াই।